এছ ইউ চি আই (কমিউনিষ্ট) দলৰ উদ্যোগত তেজপুৰত বিশিষ্ট মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক শিবদাস ঘোষৰ সোঁৱৰণী সভা
শোণিতপুৰ, ৩১ জুলাই (হি.স.) । আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ মিনা আগৰৱালা স্মৃতি ভৱনত বিশিষ্ট মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক শিবদাস ঘোষৰ সোঁৱৰণত এক সভা অনুষ্ঠিত হয়। দলৰ শতাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত সভাত মুখ
ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ অধ্যাপিকা চন্দ্ৰলেখা দাস


শোণিতপুৰ, ৩১ জুলাই (হি.স.) । আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ মিনা আগৰৱালা স্মৃতি ভৱনত বিশিষ্ট মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক শিবদাস ঘোষৰ সোঁৱৰণত এক সভা অনুষ্ঠিত হয়। দলৰ শতাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত সভাত মুখ্য বক্তা হিচাবে উপস্থিত থাকে দলৰ ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ অধ্যাপিকা চন্দ্ৰলেখা দাস। সভাত সভাপতিত্ব কৰে শোণিতপুৰ জিলা সম্পাদক অজয় আচাৰ্য্যই।

সভাৰ মুখ্য বক্তা অধ্যাপিকা চন্দ্ৰলেখা দাসে তেওঁৰ বক্তব্যত কয়,কমৰেড শিবদাস ঘোষে ছাত্ৰাৱস্থাতেই দেশৰ স্বাধীনতা আন্দোলনৰ আপোচহীন ধাৰাৰ সশস্ত্ৰ সংগ্ৰামী সংগঠন অনুশীলন সমিতিৰ লগত যুক্ত হৈ সংগ্ৰামৰ পথত স্বাধীনতা আন্দোলনৰ প্ৰাক-মুহূৰ্তত উপলব্ধি কৰিব পাৰিছিল যে, দেশে ৰাজনৈতিক স্বাধীনতা পালেও অৰ্থনৈতিক স্বাধীনতা অৰ্জিত হোৱা নাই। তেখেতে দেখুৱাইছিল, বৃটিছ সাম্ৰাজ্যবাদীসকলৰ পৰিবৰ্তে দেশৰ ক্ষমতা জাতীয় পুঁজিপতি সকলৰ হাতলৈ গুচি গল। ক্ষমতাসীন পুঁজিপতিশ্ৰেণীক বিপ্লৱৰ আঘাতেৰে উচ্ছেদ কৰিব নোৱাৰিলে জনসাধাৰণৰ প্ৰকৃত মুক্তি কেতিয়াও অৰ্জিত নহব। সেই উদ্দেশ্যেই তেখেতে অবিভক্ত কমিউনিষ্ট পাৰ্টিৰ অ-কমিউনিষ্ট চৰিত্ৰ উদঙাই দি কঠোৰ আৰু অত্যন্ত কঠিন এক সংগ্ৰাম পৰিচালনা কৰি ভাৰতৰ বুকুত এটি প্ৰকৃত কমিউনিষ্ট পাৰ্টি হিচাপে এছ ইউ চি আই (কমিউনিষ্ট)ক গঢ়ি তুলিছিল।

সমগ্ৰ ভাৰত বৰ্ষতেই আজি একমাত্ৰ এছ ইউ চি আই( কমিউনিষ্ট) দলটোৱেই জনসাধাৰণৰ দাবী লৈ গণ আন্দোলন নিৰৱচ্ছিন্ন ভাবে গঢ়ি তোলাৰ সংগ্ৰামত নিয়োজিত। অসমৰ বুকুতো কমৰেড শিবদাস ঘোষৰ শিক্ষা আৰু আদৰ্শৰ ভিত্তিত প্ৰকৃত মাৰ্ক্সবাদী আন্দোলন গঢ়ি তোলাৰ বাবে অধ্যাপিকা দাসে আহ্বান জনায়।

উল্লেখযোগ্য যে, অসমত চলি থকা অমানৱিক উচ্ছেদৰ বিৰুদ্ধে এটি প্ৰস্তাৱ সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হয় আৰু বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰাৰ দাবী জনোৱা হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande