নটসূৰ্য্যৰ বাসগৃহত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত স্মৃতিদিৱসৰ এক বিশেষ অনুষ্ঠান
–বাসগৃহত ৰাইজৰ দলৰ নাটে-মাতে-এবেলা শীৰ্ষক অনুষ্ঠানত জ্যেষ্ঠপুত্ৰ অজিৎশৰ্মাৰ ক্ষোভ প্ৰকাশ -স্মৃতি দিৱসৰ দিনটোত বাতৰি কাকতত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি এটাও নেথাকিল –মাটিদান কৰাৰ পিছতো ৫৫বছৰে সমাধিক্ষেত্ৰ নিৰ্মাণ নোহোৱাত চৰকাৰৰ পৰা মাটি ঘূৰাই বিচৰাৰ সিদ্ধান্
বাসগৃহত ৰাইজৰ দলৰ নাটে -মাতে -এবেলা শীৰ্ষক অনুষ্ঠানত জ্যেষ্ঠ পুত্ৰ অজিৎ শৰ্মাৰ ক্ষোভ প্ৰকাশ


বাসগৃহত ৰাইজৰ দলৰ নাটে -মাতে -এবেলা শীৰ্ষক অনুষ্ঠানত জ্যেষ্ঠ পুত্ৰ অজিৎ শৰ্মাৰ ক্ষোভ প্ৰকাশ


বাসগৃহত ৰাইজৰ দলৰ নাটে -মাতে -এবেলা শীৰ্ষক অনুষ্ঠানত জ্যেষ্ঠ পুত্ৰ অজিৎ শৰ্মাৰ ক্ষোভ প্ৰকাশ


–বাসগৃহত ৰাইজৰ দলৰ নাটে-মাতে-এবেলা শীৰ্ষক অনুষ্ঠানত জ্যেষ্ঠপুত্ৰ অজিৎশৰ্মাৰ ক্ষোভ প্ৰকাশ

-স্মৃতি দিৱসৰ দিনটোত বাতৰি কাকতত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি এটাও নেথাকিল

–মাটিদান কৰাৰ পিছতো ৫৫বছৰে সমাধিক্ষেত্ৰ নিৰ্মাণ নোহোৱাত চৰকাৰৰ পৰা মাটি ঘূৰাই বিচৰাৰ সিদ্ধান্ত পৰিয়ালৰ

–ৰাইজৰ দলে নিৰ্মাণ কৰি দিলে পুত্ৰৰ উৰুখা পঁজা

শোণিতপুৰ, ৩১ জুলাই (হি.স.)। অসমৰ আধুনিক নাট্য আন্দোলনৰ প্ৰাত:স্মৰণীয় পুৰোধা, নটসূৰ্য্য ফণী শৰ্মাৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত আজি পুৱাৰে বিভিন্ন অনুষ্ঠানৰ দ্বাৰা নটসূৰ্য্য বন্দনাৰে জীপাল হৈ পৰিল নটসূৰ্য্যগৰাকীৰ জন্ম আৰু কৰ্মসাধনাৰ স্থলী তেজপুৰ। আজি পুৱাৰে পৰা নটসূৰ্য্যগৰাকীৰ বাসগৃহত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত হয় স্মৃতিদিৱসৰ এক বিশেষ অনুষ্ঠান।

নাটে-মাতে-এবেলা শীৰ্ষক এই অনুষ্ঠানত ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি ঋষিৰাজ কৌণ্ডিন্য,সাধাৰণ সম্পাদক অলকনাথ,শোণিতপুৰ জিলা সমিতিৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰা,সাধাৰণ সম্পাদক জিন্টু বৰঠাকুৰ,ভাস্কৰ কটকী আৰু মনোজ বৰুৱাৰ লগতে বিশিষ্ট অভিনেত্ৰী ডা০জাহানাৰা বেগম, সাংস্কৃতিক কৰ্মী শান্তনু মহন্ত,বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য্য কাকতি,কন্ঠশিল্পী কামাল ৰচিদ আহমেদকে ধৰি তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে এই অনুষ্ঠানতে অসমীয়া সাহিত্য’সংস্কৃতিৰ ত্ৰিমুত্তিৰ অন্যতম নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাৱে পাঁচ বিঘা মাটি চৰকাৰক আজি ঘুৰাই দিবলৈ আহ্বান জনালে নটসূৰ্য্যৰ জ্যেষ্ঠপুত্ৰ অজিৎ শৰ্মাই৷ ২০১২ চনত দানদিয়া মাটিত তেতিয়াৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ২০১২ চনৰ ৬ এপ্ৰিল তাৰিখে নটসূৰ্য্য’গৰাকীৰ সমাধি নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ আজি ৫৫তম স্মৃতিদিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ দলৰ শোণিতপুৰ জিলাৰ উদ্যোগত তেখেতৰ ঘৰৰ চৌহদত অনুষ্ঠিত কৰা এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত নটসূৰ্য্যৰ পুত্ৰ অজিত শৰ্মাই ক্ষোভপ্ৰকাশ কৰি এই মন্তব্য কৰে ৷ তেওঁ কয় যে, চৰকাৰে মাটিখিনি ঘূৰাই দিলে পৰিয়ালৰ তৰফৰ পৰা ৰাইজৰ সহযোগত নিজেই সমাধি তথা উদ্যান বনাই ল’ব ৷

বাসগৃহৰ ৰাইজৰ দলৰ এই অনুষ্ঠানৰ আৰম্ভণিতে নটসূৰ্য্যৰ প্ৰতিচ্ছবিত তেখেতৰ পুত্ৰ অজিত শৰ্মাই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ বিশিষ্ট অভিনেত্ৰী ডাঃজাহানাৰা বেগমে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে৷ ৰাইজৰ দলৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰাই অনষ্ঠানৰ তাৎপৰ্য’ ব্যাখ্যা কৰি নাটকক পযটনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম নাট্য সন্মিলন আৰু বাণ থিয়েটাৰক এইদিশত উদ্যোগ ল’বলৈ আহ্বান জনায় ৷

অনুষ্ঠানত উপস্থিত থকা তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে ত্ৰিমূৰ্তি’জ্যোতি, বিষ্ণু,ফণী’ৰ পৰা ফণী শৰ্মাক কিছু অবহেলা কৰা হৈছে বুলি মত প্ৰকাশ কৰে ৷ চৰকাৰৰ তৰফৰ পৰা আজি স্মৃতিদিৱসৰ দিনটোত কাকতত শ্ৰদ্ধাঞ্জলি প্ৰকাশ নোহোৱাত পৰিয়ালৰ লোকৰ লগতে উপস্থিত ব্যক্তিসকলে ক্ষোভ প্ৰকাশ কৰে। অনুষ্ঠানত নাটে-মাতে-এবেলা কাৰ্যসূচীত বিশিষ্ট অভিনয় শিল্পী ভূপেন শৰ্মা,নটসূৰ্য্যৰ নাতি নৱজিৎ শৰ্মাই নটসূৰ্য্যৰ কালজয়ী নাটক চিৰাজ’আৰু’কিয়’নাটকৰ সংলাপ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানটিত সাংস্কৃতিক কৰ্মী শান্তনু মহন্ত, ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি ঋষিৰাজ কৌণ্ডিন্য,কেন্দ্ৰীয় সাধাৰণ সম্পাদক অলক নাথকে ধৰি’সংগীতশিল্পী কামাল ৰছিদ আহমেদেও বক্তব্য আগবঢ়ায়৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নটসূৰ্য্যগৰাকীৰ ঘৰলৈ আহোতে তেওঁৰ আকাশ দেখা ঘৰটোৰে পানী পৰা দৃশ্য দেখি দুখপ্ৰকাশ কৰিছিল। বাসগৃহটো ৰাইজৰ দলৰ তৰফৰ পৰা মেৰামতি কৰি বসবাসৰ উপযোগী কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেইমৰ্মেই ঘৰটো মেৰামতিৰে নিৰ্মান কৰি থকা হৈছে আৰু দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলকনাথে আজি অনুষ্ঠানতে জানিবলৈ দিয়ে৷ ৰুগীয়া পুত্ৰ অজিত শৰ্মাক দলৰ তৰফৰ পৰাগুৱাহাটীলৈ নি উন্নত চিকিৎসা কৰিবৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলিও কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে আজি ঘোষণা কৰে৷

আনহাতে এই অনুষ্ঠানতে নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে ভাষণ প্ৰদান কৰি চৰকাৰক অচিৰেই নটসূৰ্য্যগৰাকীৰ সমাধিক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আহ্বান জনায়। নোৱাৰিলে ৰাইজৰ অনুদানৰে আগন্তুক বৰ্ষত এই পৱিত্ৰ সমাধিস্থল সংৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবেই আহ্বান জনায়। ৰাইজৰ দলৰ উপ-সভাপতি ঋষিৰাজ কৌণ্ডিন্যই সাংবাদিকৰ আগত কয়-নটসূৰ্য্যৰ পুত্ৰ অজিত শৰ্মাদেৱৰ প্ৰথমে উন্নত চিকিৎস্যা কৰিব আৰু সমাধিক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ ৰাইজৰ দলে অচিৰেই চেষ্টা কৰিব।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande