নতুন দিল্লী ৩১ জুলাই (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিমাহেকীয়া মুদ্ৰানীতি সমিতি (এম পি চি)ৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠক অহা ৪-৬ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব। অহা ৬ আগষ্টৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহ ঘোষণা কৰিব আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই। বৈঠকত অৰ্থনীতিবিদসকলে ৰেপো ৰেট ৫.৫০ শতাংশ অপৰিৱৰ্তিত হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
অৰ্থনীতিবিদসকলৰ মতে আমেৰিকাই ২৫ শতাংশ নতুন শুল্ক ঘোষণা কৰাৰ পিছতো আগষ্টৰ মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠকত ৰিজাৰ্ভ বেংকে নীতিৰ হাৰৰ কোনো পৰিৱৰ্তন নকৰে। পুনৰীক্ষণ বৈঠকত আৰ বি আইয়ে ৰেপো ৰেট ৫.৫ শতাংশ অপৰিৱৰ্তিত ৰাখিব পাৰে। আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এম পি চিৰ এই পৰ্যালোচনা বৈঠক ৪-৬ আগষ্টলৈ চলিব। ইয়াৰ পূৰ্বে আৰ বি আইয়ে ৫-৭ আগষ্টত এই বৈঠক নিৰ্ধাৰণ কৰিছিল।
ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত গঠিত এমপিচিয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মুঠ ১০০ বেছিছ পইণ্ট অৰ্থাৎ এক শতাংশ ৰেপ’ ৰেট কৰ্তন কৰিছে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল। আৰ বি আইয়ে প্ৰথম আৰু দ্বিতীয় এম পি চি পৰ্যালোচনা বৈঠকত ০.২৫ শতাংশ আৰু তৃতীয়বাৰৰ বাবে অৰ্থাৎ জুন মাহত ০.৫০ শতাংশ হ্ৰাস কৰিছিল, যিটো বৰ্তমান ৫.৫০ শতাংশ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া