নতুন দিল্লী ৩১ জুলাই (হি.স.)। সমবায় খণ্ডৰ আগশাৰীৰ কোম্পানী ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ সমবায় লিমিটেড চমুকৈ ইফকো ( আই এফ এফ চি অ’)ৱে কে জে পেটেলক নতুন পৰিচালন সঞ্চালক (এম ডি) হিচাপে নিযুক্তি দিছে। ৪০ বছৰীয়া সেৱাৰ অন্তত বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰে আইএফএফচিঅ’ৰ বৰ্তমানৰ পৰিচালন সঞ্চালক ড০ উদয় শংকৰ অৱস্থীয়ে।
ইফকোৱে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে ইফকোৰ অধ্যক্ষ দিলীপ সংঘানীক ২৯ জুলাইত ব’ৰ্ডে নতুন এমডিৰ নাম নিৰ্ণয় কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। তেওঁ কে জে পেটেলক নতুন পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে। সাৰ খণ্ডত ৩২ বছৰতকৈও অধিক সময়ৰ বিশেষজ্ঞতাৰে পেটেলে কৃষক আৰু সমবায়ৰ বাবে উদ্ভাৱন, কাৰ্য্যকৰী উৎকৰ্ষতা আৰু উন্নত মূল্য সৃষ্টিৰ দিশত ইফ্ফকোক নেতৃত্ব দিব। এতিয়ালৈকে তেওঁ ইফকোৰ কাৰিকৰী সঞ্চালকৰ পদত অধিষ্ঠিত আছিল। সাৰ উদ্যোগত ক্ষেত্ৰ আৰু কাৰ্যালয়ৰ কামৰ বিস্তৃত অভিজ্ঞতা তেওঁৰ আছে। সৌৰাষ্ট্ৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছে পেটেলে। নাইট্ৰজেন আৰু ফছফেট সাৰ উদ্ভিদ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁৰ ৩২ বছৰতকৈও অধিক সময়ৰ চহকী অভিজ্ঞতা আছে।
আই এফ এফ চি অ’ৰ বৰ্তমানৰ পৰিচালন সঞ্চালক (এম ডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ড০ উদয় শংকৰ অৱস্থীয়ে আজি ৪০ বছৰীয়া সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া