মণিপুৰৰ মৰেহৰ তামিল সংগমৰ সমীপত উদ্ধাৰ হোৱা আই ই ডি নিষ্ক্ৰিয়, বৃহৎ ঘটনা ৰোধ
মৰেহ (মণিপুৰ), ৩১ জুলাই (হি.স.)। মণিপুৰৰ টেংগনৌপাল জিলাৰ মৰেহ চহৰৰ ছানৰাইজ গ্ৰাউণ্ডৰ সমীপৰ তামিল সংগম অঞ্চলত উদ্ধাৰ হোৱা এক শক্তিশালী ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) উদ্ধাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰাপত্তা বাহিনীয়ে সময়মতে বোমাটো নিষ্ক্ৰি
मणिपुर


মৰেহ (মণিপুৰ), ৩১ জুলাই (হি.স.)। মণিপুৰৰ টেংগনৌপাল জিলাৰ মৰেহ চহৰৰ ছানৰাইজ গ্ৰাউণ্ডৰ সমীপৰ তামিল সংগম অঞ্চলত উদ্ধাৰ হোৱা এক শক্তিশালী ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) উদ্ধাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰাপত্তা বাহিনীয়ে সময়মতে বোমাটো নিষ্ক্ৰিয় কৰাৰ লগে লগে এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়।

আৰক্ষীৰ পি আৰ অ’ই বৃহস্পতিবাৰে জনোৱা মতে, নিয়মীয়া টহল দিয়াৰ সময়ত নিৰাপত্তাৰক্ষীৰ দৃষ্টিগোচৰ হোৱা এই বিস্ফোৰক সামগ্ৰী। লগে লগে বোমা নিষ্কাশনকাৰী দলটোক সেই স্থানলৈ প্ৰেৰণ কৰা হয়, যিয়ে সজাগতা আৰু দক্ষতাৰে আই ই ডিক নিৰাপদে নিষ্ক্ৰিয় কৰি পেলায়।

সমগ্ৰ অভিযানটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) অনুসৰি আশে-পাশে থকা অঞ্চলৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সম্পন্ন কৰা হয়। এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই।

বিস্ফোৰকসমূহৰ উৎপত্তি আৰু ইয়াৰ আঁৰৰ সম্ভাৱ্য উগ্ৰপন্থী সম্পৰ্কৰ সন্ধানৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে মৰেহ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

প্ৰশাসনে কয় যে বৰ্তমান পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে আৰু এই সীমান্তৱৰ্তী চহৰখনত কঠোৰ নিৰীক্ষণ অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande