ইম্ফল, ৩১ জুলাই (হি.স.)। মণিপুৰত অব্যাহত আছে অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ যুটীয়া কাৰ্য। এক বৃহৎ দমন অভিযানত বুধবাৰে চুৰাচান্দপুৰ আৰু থৌবাল জিলাত নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে কেইবাটাও সফল অভিযান চলায়, যাৰ ফলত অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভঁৰাল জব্দ কৰা হয়।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতি অনুসৰি চুৰাচান্দপুৰ জিলাত চলোৱা তালাচী অভিযানৰ সময়ত চুৰাচান্দপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছংফেল অঞ্চলৰ সমীপৰ ডাম্পি ৰিজত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু কৌশলগত সামগ্ৰীৰ বিশাল ভঁৰাল উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত মূলতঃ ১৪টা একক বেৰেল ৰাইফল, ১টা মেগজিনযুক্ত পিষ্টল, ১টা পম্পে (ইম্প্ৰভাইজড আগ্নেয়াস্ত্ৰ), ৯টা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি), ৮টা পম্পে গোলাবাৰুদ, ১২টা ব’ৰৰ ২৩টা কাৰ্টিজ, ১০টা .৩০৩ কেলিবাৰৰ সজীৱ কাৰ্টিজ, ১টা ৯ মিমিৰ লাইভ কাৰ্টিজ, ৩টা খালী .৩০৩ৰ কাৰ্টিজ, ৩ টা হেলমেট, 2 টা বাওফেং ৰেডিঅ' যোগাযোগ চেট।
একেখন থানাৰ অন্তৰ্গত বুআলিয়ান গাঁৱত মণিপুৰ আৰক্ষীয়ে এক সুকীয়া অভিযানত ৩টা দেশত নিৰ্মিত একক বেৰেল ৰাইফল, ১টা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে।
ইয়াৰ উপৰিও টোলান গাঁও আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত চলোৱা অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে ৩টা একক বেৰেল ৰাইফল, ১২ ব’ৰৰ ৪টা কাৰ্টিজ, ১টা পম্পে আগ্নেয়াস্ত্ৰ, ৪টা পম্পে গুলী, ১টা সজীৱ ৭.৬২ মিমি কাৰ্টিজ, ৫.৫৬ মিমিৰ ২টা খালী কেন, ৪টা কন্দুৱা গেছৰ গুলী জব্দ কৰে।
ইফালে, থৌবাল জিলাৰ খংজোম থানাৰ অন্তৰ্গত লেংথেল হাংগোইপাট অঞ্চলত চলোৱা অভিযানৰ সময়ত ৪টা ছেল্ফ লোডিং ৰাইফল (এছএলআৰ), ৮টা এছএলআৰ মেগজিন উদ্ধাৰ কৰা হয়। মণিপুৰৰ সংঘাতগ্ৰস্ত অঞ্চলসমূহত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ সুনিশ্চিত কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহে অবৈধ অস্ত্ৰৰ সৰবৰাহ ৰোধৰ বাবে গ্ৰহণ কৰা নিবিড় প্ৰচেষ্টাৰ অংশ।
এই অস্ত্ৰসমূহৰ উৎস আৰু ইয়াৰ লগত জড়িত গোটসমূহৰ সন্ধানৰ বাবে কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। অনাগত দিনত আৰু অধিক অভিযান অব্যাহত ৰখাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া