–সমাধিত শোণিতপুৰ জিলা প্ৰশাসনৰ বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান –বিধায়ক পৃথ্বিৰাজ ৰাভাৰ উপস্থিতিত নাটকৰ সংলাপেৰে হ'ল জীপাল –তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত উপন্যাস মাকন উন্মোচন –বাণ থিয়েটাৰ, জ্যোতি ভাৰতী আৰু শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি
শোণিতপুৰ, ৩১ জুলাই (হি.স.)। অসমৰ আধুনিক নাট্য আন্দোলনৰ প্ৰাত:স্মৰণীয় পুৰোধা, নটসূৰ্য্য ফণী শৰ্মাৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত আজি পুৱাৰে বিভিন্ন অনুষ্ঠাৰদ্বাৰা নটসূৰ্য্য বন্দনাৰে জীপাল হৈ পৰিল নটসূৰ্য্যগৰাকীৰ জন্ম আৰু কৰ্মসাধনাৰ স্থলী তেজপুৰ। নটসূৰ্য্যগৰাকীৰ বাসগৃহৰ সমীপৰে সমাধিক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰেশুভাৰম্ভ কৰে নটসূৰ্য্যগৰাকীৰ জ্যেষ্ঠপুত্ৰ অজিৎ শৰ্মাৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলাআয়ুক্ত আনন্দ কুমাৰ দাসে।বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত লক্ষীনন্দন চহৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত তথা ঢেকীয়াজুলিৰ সমজিলা আয়ুক্ত দ্যোতিভা বৰা, অতিৰিক্ত জিলা আয়ুক্ত ত্বাহিৰ আলম, কমল বৰুৱা, সহকাৰী আয়ুক্ত আইৰিচ আৰমান আহমেদ, অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, বিজেপিৰ শোণিতপুৰ জিলাৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰসভাপতি বিশ্বদেৱ ভট্টাচাৰ্য্য, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, বাণথিয়েটাৰৰ গ্ৰন্থাগাৰিক ভূপেন, আদিকে ধৰি বিভিন্ন বিশিষ্টজনেশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই জিলাআয়ুক্ত আনন্দ কুমাৰ দাসে নটসূৰ্য্যগৰাকীৰ স্মৃতিচাৰণ কৰে ।
আনহাতে অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই নটসূৰ্য্য ফণী শৰ্মাৰ বৰ্ণিল জীৱন পৰিক্ৰমা আলোকপাত কৰাৰ লগতে জিলা উন্নয়ন আয়ুক্ত লক্ষীনন্দন চহৰীয়া স্মৃতিচাৰণ কৰাৰ পিছত বিশিষ্ট অভিনেতা ভূপেন শৰ্মা আৰু নটসূৰ্য ফণী শৰ্মাৰ নাতি তথা উদীয়মা নাট্যশিল্পী নৱজ্যোতি শৰ্মাই নটসূৰ্য্যৰ কালজয়ী নাটক চিৰাজ আৰু কিয়ৰ সংলাপেৰে জীপাল কৰি তোলে।
আনহাতে তেজপুৰ সাহিত্যসভা ভৱনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত তেজপুৰ সাহিত্যসভাৰ সদস্যা নিজৰা ৰাণী দেৱীৰ উপন্যাস মাকন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক ড০ ভূপেন শইকীয়াই।
তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসৰ পৌৰোহিত্যত সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত নটসূৰ্য্য ফণী শৰ্মাৰ জীৱন আৰু কৰ্ম শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি প্ৰাক্তন ছাত্ৰনেতা তথা শিল্পী শান্তনুম মহন্তই নটসূৰ্য্যৰ জীৱন-দৰ্শনৰ মহত্বৰ সন্দৰ্ভত গীত-সংলাপেৰে উপস্থিত সকলোকে আপ্লুত কৰে। শান্তনু মহন্তই কয়- জ্যোতিপ্ৰসাদে মানুহ শিল্পীৰ কথা কৈছিল।
এইমানুহ শিল্পীৰ অভিধাটি নটসূৰ্য ফণী শৰ্মাদেৱৰ ক্ষেত্ৰত যথাৰ্থভাবে প্ৰযোজ্য।নটসূৰ্যৰ দৰে পুৰোধাসকলৰ কেৱল স্মৃতিচাৰণ কৰিলেই নহ'ব তেওঁলোকে চিকুনাই থোৱা আলোকৰ পথেৰে আগবাঢ়িব পাৰিলেহে বিক্ষিপ্ত ৰূপত গজিউঠা অপতৃণসমূহ নাশ কৰি শক্তিশালী ৰূপত অসমীয়া জাতি ঠন ধৰি উঠিব পাৰিব।চলচ্চিত্ৰ জগতখনত ৰূপকোঁৱৰে জাতীয় চৰিত্ৰ জয়মতীক মুখ্যকৰি নিৰ্মাণ কৰা জয়মতী চলচ্চিত্ৰৰ বাস্তৱবাদী ধাৰাটো সৱলভাবে কঢ়িয়াই নিছিল নটসূৰ্য ফণী শৰ্মাই ।
মানুহ সদায় জীয়াই থাকে, মৃত্যুৰ পিচতো জীয়াই থাকে, মৰে মাত্ৰ অমানুহ।নটসূৰ্যৰ কৰ্মময় জীৱন, বৈচিত্ৰময় শৈল্পীক যাত্ৰা অসমীয়া জাতিৰ বাবে অনিত্য আৰু প্ৰাসংগিক বুলি মন্তব্য কৰে মহন্তই। উল্লেখ্য যে বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, তেজপুৰ সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতাই বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটিত ড০ ভূপেন শইকীয়াই নটসূৰ্য্য ফণী শৰ্মাৰ জীৱন-দৰ্শন আলোকপাত কৰাৰ লগতে নাট্যশিল্পী মৃগেন চন্দ্রবড়া আৰু দেৱব্ৰত শৰ্মাই নটসূৰ্য্যৰ নাটকৰ সংলাপ পৰিৱেশ নকৰে।ইয়াৰ আগেয়ে তেজপুৰ সাহিত্যসভা ভৱন প্ৰাংগনত থকা নটসূৰ্য্যগৰাকীৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভকৰে সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়াই।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বিশিষ্টব্যক্তিসকলে অংশগ্ৰহণ কৰে।
ইপিনে নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতিবিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আজিৰে পৰা দুদিনীয়াকৈ নটসূৰ্য্যগৰাকীক স্মৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পুত্ৰ অজিৎ শৰ্মাই শুভাৰম্ভ কৰাৰ পিছত স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়।সেইদৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতীৰ উদ্যোগতো আজি বিয়লি শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সম্পন্ন হোৱাৰ লগতে নটসূৰ্য্যৰ স্মৃতি বিজড়িত মাজগাঁও শ্ৰীশ্ৰীশংকৰদেৱমন্দিৰ অনুষ্ঠানতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সম্পন্ন হয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ