আয়কৰ বিভাগে জাৰি কৰিলে আপডেট কৰা আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰ
নতুন দিল্লী ৩০ জুলাই (হি.স.)। আয়কৰ বিভাগে কৰদাতাসকলক ২০২১-২২ আৰু ২০২২-২৩ চনৰ মূল্যায়ন বৰ্ষৰ বাবে আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ) দাখিল কৰাৰ আন এক সুযোগ দিছে। কৰদাতাই আপডেট কৰা আইটিআৰ দাখিল কৰাৰ সময়সীমা এতিয়া ২৪ মাহৰ পৰা ৪৮ মাহলৈ বৃদ্ধি কৰা হৈ
আয়কৰ বিভাগ


আপডেট কৰা  প্ৰ-পত্ৰ


আয়কৰ বিভাগে জাৰি কৰিলে আপডেট কৰা আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰ


নতুন দিল্লী ৩০ জুলাই (হি.স.)। আয়কৰ বিভাগে কৰদাতাসকলক ২০২১-২২ আৰু ২০২২-২৩ চনৰ মূল্যায়ন বৰ্ষৰ বাবে আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ) দাখিল কৰাৰ আন এক সুযোগ দিছে। কৰদাতাই আপডেট কৰা আইটিআৰ দাখিল কৰাৰ সময়সীমা এতিয়া ২৪ মাহৰ পৰা ৪৮ মাহলৈ বৃদ্ধি কৰা হৈছে।

আয়কৰ বিভাগে বুধবাৰে ‘এক্স’ পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত কয় যে বিত্ত আইন, ২০২৫ অনুসৰি কৰদাতাসকলক ২০২১-২২ আৰু ২০২২-২৩ চনৰ মূল্যায়ন বৰ্ষৰ আপডেটেড ৰিটাৰ্ণ (আইটিআৰ-ইউ) দাখিল কৰাৰ সুবিধা আনুষ্ঠানিকভাৱে দিয়া হৈছে। ইয়াৰ দ্বাৰা কৰদাতাসকলে পূৰ্বৰ ৰিটাৰ্ণ শুধৰণি বা সম্পূৰ্ণ কৰাৰ সুযোগ পাব। কিন্তু, এই সুবিধা কেৱল অধিক আয় ঘোষণা কৰাৰ বাবেহে, কৰ হ্ৰাস বা ধন ঘূৰাই পোৱাৰ দাবীৰ বাবে নহয়।

আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (ITR-U) কি

আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ)-এ কৰদাতাসকলক মামলা হ্ৰাস কৰাৰ লক্ষ্যৰে ভুল বা বাদ পৰা শুধৰণিৰ বাবে স্বেচ্ছামূলক অনুসৰণৰ সুযোগ প্ৰদান কৰে। আয়কৰ বিভাগৰ তথ্য অনুসৰি সংশ্লিষ্ট মূল্যায়ন বৰ্ষৰ শেষৰ পৰা কৰদাতাসকলৰ বাবে আপডেটেড আইটিআৰ দাখিলৰ সময়সীমা ২৪ মাহৰ পৰা ৪৮ মাহলৈ বৃদ্ধি কৰা হৈছে। এতিয়া কৰদাতাসকলে আয়কৰ আইনৰ ১৩৯ (৮এ) ধাৰাত আপডেট কৰা ৰিটাৰ্ণ দাখিল কৰিবলৈ অতিৰিক্ত সময় পাব। এই অতিৰিক্ত সময়ে ব্যক্তিসকলক অধিক কৰ দি পূৰ্বৰ ফাইলিঙত হোৱা ভুল বা বাদ পৰিশোধ কৰাৰ সুযোগ দিয়ে, যদিহে কৰদাতাই ৰিটাৰ্ণ দাখিল কৰা নাই বা ভুলকৈ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande