জম্মু, ০৩ জুলাই (হি.স.)। কটকটীয়া নিৰাপত্তাৰ মাজতে বৃহস্পতিবাৰে জম্মুৰ ভাগৱতী নগৰ অৱস্থান শিবিৰ (বেছ কেম্প)ৰ পৰা দক্ষিণ কাশ্মীৰৰ অমৰনাথ গুহা মন্দিৰলৈ ৰাওনা হয় ৫২০০ৰো অধিক তীৰ্থযাত্ৰীৰ দ্বিতীয়টো দল। অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পাহলগাম পথ আৰু গণ্ডাৰবল জিলাৰ ১৪ কিলোমিটাৰ চুটি কিন্তু ঠেক বাল্টাল পথৰ পৰা বৃহস্পতিবাৰৰ পৰা ৩৮ দিনীয়া তীৰ্থযাত্ৰা আৰম্ভ হয়। অহা ৯ আগষ্টত এই যাত্ৰাৰ অন্ত পৰিব।
বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ সুৰক্ষাত ১৬৮খন বাহনৰ কনভয়ত ভাগৱতী নগৰৰ ঘাটি শিবিৰৰ পৰা তীৰ্থযাত্ৰীসকল ৰাওনা হয়। বিষয়াসকলে জনোৱা মতে, ইয়াৰ লগে লগে জম্মু বেছ কেম্পৰ পৰা মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীৰ সংখ্যা ১১,১৩৮ জন হৈছেগৈ। দ্বিতীয়টো তীৰ্থযাত্ৰীৰ ভিতৰত আছে ৪০৭৪ জন পুৰুষ, ৭৮৬ জন মহিলা আৰু ১৯ জন শিশু।
উল্লেখযোগ্য যে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ ঘটনাৰ পিছতো তীৰ্থযাত্ৰী সকলক তেওঁলোকৰ আস্হাৰ পৰা বিৰত ৰাখিব পৰা নাই বুলি জানিবলৈ দিয়ে। ৰায়পুৰৰ বাসিন্দা হৰিশ কুমাৰে কয়, নিৰীহ আৰু নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী বা পাকিস্তানক আমি ভয় নকৰো। এয়া এক কাপুৰুষালি। পেহেলগামৰ দৰে সন্ত্ৰাসবাদী কাণ্ডৰ জৰিয়তে ভয়ৰ সৃষ্টি কৰি বাবা বৰফনীৰ ওচৰলৈ যোৱাৰ পৰা আমাক বাধা দিব নোৱাৰে।
তেওঁৰ দৰেই কানপুৰৰ পৰা ২০ জনীয়া এটা দল লৈ অমৰনাথলৈ ৰাওনা হোৱা মুখতাৰ সিঙেও কয় যে তেওঁ একেবাৰে ভয় কৰা নাই। তেওঁ কয় যে যাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে সন্ত্ৰাসবাদী আৰু পাকিস্তানক এক উপযুক্ত উত্তৰ দিব যে আমি তেওঁলোকক ভয় কৰা নাই।
বাৰ্ষিক তীৰ্থযাত্ৰাৰ বাবে ভাগৱতী নগৰ অৱস্হান শিবিৰ আৰু ইয়াৰ আশে-পাশে নিৰাপত্তাৰ ব্যৱস্থা সক্ৰিয় কৰা হৈছে। জম্মুত ৩৪টা আৱাস কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু তীৰ্থযাত্ৰীসকলক ৰেডিঅ’ ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন (আৰ এফ আই ডি) টেগ প্ৰদান কৰা হৈছে। যাত্ৰালৈ যোৱা তীৰ্থযাত্ৰীসকলৰ ঠাইতে পঞ্জীয়নৰ বাবে ১২টা কাউণ্টাৰ স্থাপন কৰা হৈছে। এই পৰ্যন্ত ৩.৫ লাখৰো অধিক লোকে তীৰ্থযাত্ৰাৰ বাবে অনলাইন যোগে পঞ্জীয়ন কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া