ডলাৰৰ বিপৰীতে টকা ১৪ পইচা দুৰ্বল ভাৰতীয় মুদ্ৰাৰ মূল্য
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। আমদানিকাৰকসকলৰ পৰা ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে মঙলবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য় হ্ৰাস পোৱাৰ লগে লগে বন্ধ হয়। মুদ্ৰা বজাৰত ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ১৪ পইচা হ্ৰাস পাই ৮৬.৮১ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে যোৱা ব
ডলাৰৰ বিপৰীতে ৪৬ পইচা হ্ৰাস ভাৰতীয় মুদ্ৰাৰ মূল্য


নতুন দিল্লী, ২৯ জুলাই (হি.স.)। আমদানিকাৰকসকলৰ পৰা ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে মঙলবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য় হ্ৰাস পোৱাৰ লগে লগে বন্ধ হয়। মুদ্ৰা বজাৰত ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ১৪ পইচা হ্ৰাস পাই ৮৬.৮১ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে যোৱা ব্যৱসায়িক দিন অৰ্থাৎ সোমবাৰে ভাৰতীয় মুদ্ৰা প্ৰতি ডলাৰত ৮৬.৬৭ টকাত বন্ধ হয়।

দুৰ্বলতাৰে আজিৰ ব্যৱসায় আৰম্ভ হ’ল টকাৰ। আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱাৰ পৰা ভাৰতীয় মুদ্ৰাৰ মূল্য ১৭ পইচা হ্ৰাস পাই ৮৬.৮৪ টকাত ব্যৱসায় আৰম্ভ হয়। দিনটোৰ প্ৰথম অধিবেশনত শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীয়ে গধুৰ বিক্ৰীৰ বাবে মুদ্ৰা বজাৰৰ ব্যৱসায়তো ডলাৰৰ চাহিদা বৃদ্ধি পায়, যাৰ বাবে টকাৰ মূল্য ২৫ পইচা দুৰ্বল হৈ ৮৬.৯২ টকাৰ স্তৰত উপনীত হয়, কিন্তু ইয়াৰ পিছত বিদেশী বিনিয়োগকাৰীয়ে ষ্টক মাৰ্কেটলৈ ঘূৰি আহি মুদ্ৰা বজাৰত ডলাৰৰ উপলব্ধতা বৃদ্ধি কৰে, যাৰ বাবে মুদ্ৰা বজাৰৰ অৱস্থান টকা শক্তিশালী হ’বলৈ ধৰিলে। ডলাৰৰ প্ৰবাহ বৃদ্ধিৰ লগে লগে টকাৰ মূল্য নিম্ন স্তৰৰ পৰা ১৫ পইচা বৃদ্ধি পাই ৮৬.৭৭ত উপনীত হয়। কিন্তু পিছলৈ আকৌ এবাৰ মুদ্ৰাৰ বজাৰত ডলাৰৰ চাহিদা বৃদ্ধি পালে, টকাৰ অৱস্থাত সামান্য দুৰ্বলতা দেখা গ’ল, যাৰ বাবে ভাৰতীয় মুদ্ৰাই সোমবাৰৰ তুলনাত ১৪ পইচা দুৰ্বলতাৰে আজিৰ ৮৬.৮১ স্তৰত ব্যৱসায়ৰ অন্ত পেলায়।

খুৰনা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবি চন্দৰ খুৰানাৰ মতে বিশ্ব বজাৰত চলি থকা অস্থিৰতা আৰু ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ধন উলিওৱাৰ বাবে আজি মুদ্ৰা বজাৰত টকাৰ ওপৰত অহৰহ হেঁচা চলিছিল। ইয়াৰ লগতে মাহৰ শেষ ওচৰ চাপি অহাৰ বাবে আমদানিকাৰকসকলৰ পৰা ডলাৰৰ চাহিদাও বৃদ্ধি পাইছে। ইয়াৰ বাবেই আজি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পালে।

আমদানিকাৰকসকলৰ পৰা ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে আমেৰিকাৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ প্ৰদৰ্শন দুৰ্বল হ’ল যদিও আজিৰ দিনত আন প্ৰায়বোৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে টকাই শক্তিশালী প্ৰদৰ্শন কৰে। আজিৰ ব্যৱসায়ৰ অন্তত টকাৰ মূল্য ৩২ পইচা বৃদ্ধি পাই ব্ৰিটিছ পাউণ্ডৰ বিপৰীতে ১১৫.৯১ৰ স্তৰত উপনীত হয়। একেদৰে ৬১ পইচা বৃদ্ধি পাই আজি ইউৰোৰ বিপৰীতে ১০০.৫০ৰ স্তৰত উপনীত হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande