নতুন দিল্লী, ০২ জুলাই (হি.স.)। ভাৰতৰ তাৰকা হাৰ্ডলাৰ তথা এছিয়ান চেম্পিয়ন জ্যোতি ইয়াৰাজীয়ে প্ৰশিক্ষণৰ সময়ত আঁঠুৰ আঘাত পাইছে। এই আঘাতে তেওঁৰ চলিত ছিজনত প্ৰভাৱ পেলোৱাই নহয়, চলিত বৰ্ষৰ শেষৰ ফালে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাটোক লৈও প্ৰশ্ন উত্থাপন হৈছে।
বুধবাৰে য়াৰাজীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰে। তেখেতে লিখিছে, কেইদিনমান পূৰ্বে প্ৰশিক্ষণৰ সময়ত মোৰ আঁঠুৰ আঘাত হৈছিল, যাৰ বাবে এই ছিজনত আপাততঃ থমকি ৰ'বলগীয়া হৈছে। মই মোৰ চিকিৎসা দলৰ সৈতে বিকল্পসমূহৰ বিষয়ে বিবেচনা কৰি আছো আৰু ভৱিষ্যতৰ কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰিম। য়াৰাজীয়ে কয় যে আঘাত এজন খেলুৱৈৰ যাত্ৰাৰ এটা অংশ।মই এইটোক আন এক বাধা হিচাপে লওঁ যিটো আপোনালোকৰ সমৰ্থন আৰু আশীৰ্বাদেৰে মই অতি সোনকালে অতিক্ৰম কৰিম।মই শক্তিশালী হৈ উভতি আহিম।
২৫ বছৰীয়া ইয়াৰাজীয়ে এইবাৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ১২.৯৬ ছেকেণ্ডৰ সময়েৰে স্বৰ্ণ পদক লাভ কৰে। অৱশ্যে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে এতিয়াও ১২.৭৩ ছেকেণ্ডৰ স্বয়ংক্ৰিয় যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও ৰেংকিঙৰ জৰিয়তে যোগ্যতা অৰ্জনৰ দৌৰত আছে আৰু এই কোটাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলৰ ভিতৰত তেওঁ ১২ নম্বৰ স্থানত আছে। কিন্তু ২৪ আগষ্টৰ সময়সীমাৰ পূৰ্বে ৰেংকিং বজাই ৰাখিবলৈ তেওঁ অধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। আঘাতৰ বাবে এই পথটো কঠিন হৈ পৰিছে।
১২.৭৮ ছেকেণ্ডৰ সময়েৰে ভাৰতৰ ১০০ মিটাৰ হাৰ্ডলছ দৌৰবিদ জ্যোতি ইয়াৰাজীক দেশৰ অন্যতম বৃহৎ পদক আশা কৰা বুলি গণ্য কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া