বাৰ্মিংহাম টেষ্টঃ ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং, ভাৰতৰ তিনিটা পৰিৱৰ্তন, বুমৰাহৰ জিৰণি
বাৰ্মিংহাম, ০২ জুলাই (হি.স.)। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত প্ৰথমে বলিং কৰিবলৈ বাছি লয়। ভাৰতীয় অধিনায়ক শুভমন গিলে টছৰ পিছত কয় যে তেওঁও প্ৰথমে বলিং কৰিবলৈ
বাৰ্মিংহাম টেষ্টঃ ইংলেণ্ডৰ টছত জয়লাভ


বাৰ্মিংহাম, ০২ জুলাই (হি.স.)। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত প্ৰথমে বলিং কৰিবলৈ বাছি লয়। ভাৰতীয় অধিনায়ক শুভমন গিলে টছৰ পিছত কয় যে তেওঁও প্ৰথমে বলিং কৰিবলৈ ভাল পালেহেঁতেন কাৰণ খেলপথাৰত যদি কিবা গতিবিধি হয় তেন্তে প্ৰথম দিনাই দেখা যাব।

এই মেচখনৰ বাবে ভাৰতীয় দলটোৱে তিনিটা সালসলনি কৰিছে। যশপ্ৰীত বুমৰাহৰ ঠাইত আকাশদ্বীপ, শাৰ্দুল ঠাকুৰৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডী আৰু ছাই সুদৰ্শনৰ ঠাইত ৱাশ্বিংটন সুন্দৰে প্লেয়িং একাদশত স্থান লাভ কৰিছে।

বুমৰাহৰ অনুপস্থিতিৰ সন্দৰ্ভত গিলে কয় যে, বুমৰাক জিৰণি লোৱাৰ সিদ্ধান্ত কেৱল তেওঁৰ কৰ্মবোজা পৰিচালনাৰ কথা মনত ৰাখিহে লোৱা হৈছে। আমি নিশ্চিতভাৱে মাজত ভাল বিৰতি পাইছো, কিন্তু এই মেচখন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। তৃতীয়খন টেষ্ট লৰ্ডছত অনুষ্ঠিত হ'ব আৰু তাত থকা খেলপথাৰখনে অধিক সহায় কৰিব বুলি আশা কৰা হৈছে, গতিকে আমি সেই মেচৰ বাবে বুমৰাক বচাবলৈ সিদ্ধান্ত লৈছো।

অধিনায়কগৰাকীয়ে লগতে কয় যে দল পৰিচালনা সমিতিয়ে কুলদীপ যাদৱক অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী, কিন্তু শেষৰ মেচখনত নিম্ন ক্ৰমৰ বেটছমেনসকলৰ দুৰ্বল প্ৰদৰ্শন বিবেচনা কৰি এইবাৰ বেটিঙত গভীৰতা দিয়াত গুৰুত্ব দিয়া হৈছে।

এই মেচখনত জয়ী হৈ ভাৰতে শৃংখলাটো সমতা স্থাপন কৰিব বিচাৰিব, আনহাতে ইংলেণ্ডে ইয়াতো প্ৰথমখন টেষ্ট মেচত লাভ কৰা জয়ৰ গতি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব।

দুয়োটা দল

ভাৰত (প্লেয়িং একাদশ): যশস্বী জয়ছোৱাল, কে এল ৰাহুল, কৰুণ নাইৰ, শুবমান গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটৰক্ষক), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ।

ইংলেণ্ড (প্লেয়িং একাদশ): জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ(অধিনায়ক), জেমী স্মিথ(উইকেটৰক্ষক), ক্ৰীছ ৱ’কেছ, ব্ৰাইডন কাৰ্ছ, জোছ টংগু, শ্বোয়াইব বছিৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande