নতুন দিল্লী, ১৬ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশন ২১ জুলাইৰ পৰা আৰম্ভ হৈ ২১ আগষ্টলৈকে চলিব । এই সময়ছোৱাত মুঠ ২১খন বৈঠক অনুষ্ঠিত হ’ব। এই অধিৱেশনত আঠখন নতুন বিধেয়ক আনিবলৈ সাজু হৈছে চৰকাৰ। এই অধিৱেশনত আয়কৰ বিধেয়ক ২০২৫ গৃহীত কৰাৰ চেষ্টাও কৰিব চৰকাৰে। ইয়াৰ উপৰিও মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধিৰ প্ৰস্তাৱতো এই অধিবেশনত অনুমোদন জনোৱা হ’ব।
চৰকাৰী সূত্ৰই জনোৱা মতে, বৰ্ষাকালিন অধিবেশনত নতুন আয়কৰ বিধেয়ক (আয়কৰ বিল ২০২৫) গৃহীত কৰাৰ চেষ্টা চলাব। এই বিধেয়কখন যোৱা অধিৱেশনত উত্থাপন কৰা হৈছিল, যিটো যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। চৰকাৰৰ হৈ বিত্তমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহত বাজেটৰ সময়ত সংসদত কৈছিল যে নতুন আয়কৰ বিধেয়কখনে ১৯৬১ চনৰ আয়কৰ আইনখনৰ জটিলতা দূৰ কৰিব। যদি এই বিধেয়কখন এই অধিবেশনত গৃহীত হয় তেন্তে এই আইনখন ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।সংসদৰ এই অধিবেশনত উত্থাপন হ’বলগীয়া আন আন বিধেয়কসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক, ৰাষ্ট্ৰীয় এণ্টি-ডপিং সংশোধনী বিধেয়ক আৰু খনি আৰু খনিজ সংশোধনী বিধেয়ক। ইয়াৰ উপৰিও ‘ভাৰতীয় বন্দৰ বিধেয়ক’কে ধৰি অন্যান্য বাকী থকা বিধেয়কসমূহো গৃহীত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।
এইবোৰৰ উপৰিও মণিপুৰ জি এছ টি সংশোধনী বিধেয়ক, কৰ সংশোধনী বিধেয়ক আৰু ৰাজহুৱা আস্থা সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে, যিবোৰ চৰকাৰে এই অধিৱেশনত গৃহীত কৰিবলৈ চেষ্টা কৰিব। এই অধিবেশন প্ৰায় এমাহ ধৰি চলিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া