ডিব্ৰুগড়, ১৬ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক সৱলীকৰণৰ দিশত এক বৃহৎ সাফল্যৰ কথা ঘোষণা কৰিছে।
নামৰূপৰ বৰহাট-১ কূপত হাইড্ৰ’কাৰ্বনৰ উপলব্ধতা আৱিষ্কাৰ কৰিছে অইল ইণ্ডিয়া লিমিটেডে। এই কুঁৱাটোত অসম চৰকাৰৰ যথেষ্ট অংশীদাৰিত্ব আছে, যাৰ বাবে এই আৱিষ্কাৰ আৰু অধিক ঐতিহাসিক হৈ পৰিছে।
মুখ্যমন্ত্রী শর্মাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে এই সাফল্যৰ লগে লগে অসম দেশৰ প্রথমখন ৰাজ্যত পৰিণত হৈছে যাৰ চৰকাৰ প্রত্যক্ষ তেল উৎপাদক হৈ পৰিছে৷ এই আৱিষ্কাৰে ৰাজ্যৰ তৈল অন্বেষণৰ প্ৰচেষ্টাক সফল কৰি তোলাই নহয়, ৰাজহ আৰু ৰয়েল্টীৰে অসমক সবল কৰি তোলে।
লগতে দেশৰ বাবে শক্তিৰ বহনক্ষম যোগান নিশ্চিত কৰাত ই সহায়ক বুলি প্ৰমাণিত হ’ব। এই মুহূৰ্তক অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী