গুৱাহাটী, ১৬ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ২০২৫ চনৰ ১৫ জুলাই তাৰিখে ৰঙিয়া মণ্ডলৰ পাঁচটা ৰেল ষ্টেচন - বাইহাটা, চাংসাৰি, কেন্দুকোনা, আজ্ঞাঠুৰী আৰু ৰঙিয়াৰ এক ব্যাপক পৰিদৰ্শন সম্পন্ন কৰে এই পৰিদৰ্শনৰ লক্ষ্য আছিল অন্যান্য উন্নয়ন প্ৰকল্পৰ লগতে পৰিচালনগত সুৰক্ষা আৰু ট্ৰেক এণ্ড চিগনেলিং আন্তঃগাঁথনি পৰ্যালোচনা কৰা যাতে এইবোৰৰ অগ্ৰগতি উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ কৌশলগত অগ্ৰাধিকাৰৰ সৈতে সংগতি থাকে।
ৰঙিয়া ৰেলৱে ষ্টেচনত মহাপ্ৰৱন্ধকগৰাকীয়ে ৰেলৱে কৰ্মী আৰু স্থানীয় ৰাইজৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ লক্ষ্যৰে হাতত লোৱা বিভিন্ন উন্নয়নমূলক কাম কাজসমূহ তীক্ষ্ণভাৱে পৰীক্ষা কৰে। তেওঁ ডিভিজনেল ট্ৰেইনিং চেণ্টাৰৰো (এমডিডিটিআই) পৰ্যালোচনা কৰে, যিটো এছ এণ্ড টি (চিগনেল এণ্ড টেলিকমিউনিকেচন) কৰ্মচাৰীসকলক বিশেষ প্ৰশিক্ষণ আৰু আধুনিক শ্ৰেণীকোঠা তথা কৰ্মশালাৰ সুবিধাৰে উন্নতভাৱে সজ্জিত কৰিবলৈ সম্প্ৰসাৰিত কৰা হৈছে।
চেতন কুমাৰ শ্ৰীবাস্তৱে বাইহাটাত নতুন গতি-শক্তি কাৰ্গো টাৰ্মিনেলৰ উন্নয়ন কাৰ্য্যৰো পৰিদৰ্শন কৰে, যিটো শীঘ্ৰেই কাৰ্যক্ষম হ’ব। এই আধুনিক টাৰ্মিনেলত তিনিটা নিৰ্দিষ্ট সামগ্ৰীৰ লাইন, এটা ইলেক্ট্ৰনিক ইন-মোচন ৱেইব্ৰীজ,দুটা মালবাহী প্লেটফৰ্ম, প্ৰতিদিনে ২৪ ঘণ্টাই পৰিচালনাৰ বাবে হাই-মাষ্ট লাইটিং আৰু অটোমোবাইল পৰিবহণৰ বাবে বিশেষ ৰেম্পৰ ব্যৱস্থা থাকিব। এই টাৰ্মিনেলত প্ৰতি মাহে ২৫ টাতকৈ অধিক মালবাহী ৰেক হেণ্ডেল কৰাৰ সক্ষমতা থাকিব।
মহাপ্ৰৱন্ধকগৰাকীয়ে চলি থকা ষ্টেচন উন্নয়নমূলক কামসমূহো পৰ্যালোচনা কৰে আৰু কাষৰীয়া ৰেলৱে কলনীসমূহ পৰিদৰ্শন কৰে, ফ্ৰণ্টলাইন কৰ্মচাৰীসকলক সহায় কৰাত কৰ্মচাৰীৰ আৱাস আৰু সুবিধাসমূহৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী