কেলিফৰ্ণিয়া, ১৫ জুলাই (হি.স.)। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ পৃথিৱীলৈ ঘূৰি অহাৰ অপেক্ষা শেষ। এক্সিয়াম-৪ অভিযানৰ অধীনত ১৮ দিন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত থকাৰ পিছত শুভাংশু শুক্লাই নিজৰ তিনিজন সংগীক লৈ নিৰাপদে উভতি আহিছিল। তেওঁৰ মহাকাশযানখন কেলিফৰ্ণিয়াৰ বিলত অৱতৰণ কৰে।
প্ৰায় ২৩ ঘণ্টাৰ যাত্ৰাৰ অন্তত আজি বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ সাগৰত অৱতৰণ কৰে মহাকাশযানখন। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা এদিন পূৰ্বে বিয়লি ৪:৪৫ বজাত পৃথিৱীলৈ ৰাওনা হয় চাৰিজন মহাকাশচাৰী। এতিয়া পৃথিৱীলৈ উভতি অহাৰ পিছত সমগ্ৰ দলটোক চিকিৎসকৰ তত্বাৱধানত ৰখা হ’ব। শুভাংছু শুক্লাৰ সৈতে ঘূৰি অহা মহাকাশচাৰীসকলৰ ভিতৰত আছে কমাণ্ডাৰ পেগী হুইটছন, পোলেণ্ডৰ মিছন বিশেষজ্ঞ স্লাভ’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপু।
২৬ জুনত ভাৰতৰ সময় অনুসৰি বিয়লি ৪:০১ বজাত আটাইকেইজন মহাকাশচাৰীয়ে আই এছ এছত উপস্থিত হয়। ২৫ জুনত দুপৰীয়া প্ৰায় ১২ বজাত এক্সিয়াম-৪ অভিযানৰ অধীনত ৰাওনা হয়। তেওঁ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্সৰ ফেলকন-৯ ৰকেটত সংলগ্ন ড্ৰেগন কেপচুলত উৰা মাৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাংশুৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কয়, মই সমগ্ৰ দেশৰ লগতে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক তেওঁৰ ঐতিহাসিক মহাকাশ যাত্ৰাৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ আদৰণি জনাইছো। শুভাংশুৱে নিজৰ সমৰ্পণ, সাহসেৰে কোটি কোটি সপোনক অনুপ্ৰাণিত কৰিছে। এয়া আমাৰ নিজৰ মানৱ মহাকাশ উৰণ অভিযান - গগণিয়ানৰ দিশত আন এক মাইলৰ খুঁটি।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী