নতুন দিল্লী, ১৫ জুলাই (হি.স.)। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা নিৰাপদে পৃথিৱীলৈ উভতি আহিছে। তেওঁৰ কেপচুলে কেলিফৰ্ণিয়াৰ উপকূলত সফলতাৰে অৱতৰণ কৰে। ইয়াৰ পিছত বিশেষজ্ঞৰ সহায়ত তেওঁ কেপচুলৰ পৰা হাঁহি হাঁহি ওলাই আহিল। এই মুহূৰ্ত ভাৰতৰ বাবে ঐতিহাসিক আছিল, কাৰণ প্ৰথমজন ভাৰতীয় হিচাপে শুক্লাই ব্যক্তিগত অভিযানৰ অধীনত আই এছ এছলৈ যাত্ৰা কৰিছিল আৰু নিৰাপদে উভতি আহিছিল।
এক্সিয়াম ৪ অভিযানৰ অধীনত মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি ৩:০২ বজাত কেলিফৰ্ণিয়াৰ সমীপৰ প্ৰশান্ত মহাসাগৰত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ ড্ৰেগন কেপচুল পানীত পৰে। এই সময়ত তেওঁ সকলোকে হাত দাঙি সম্ভাষণ জনায়। ১৮ দিনৰ ভিতৰত প্ৰথমবাৰৰ বাবে তেওঁ মাধ্যাকৰ্ষণ শক্তিৰ অভিজ্ঞতা লাভ কৰিছিল। ইয়াৰ পিছতে শুভাংশ শুক্লাক আইছ’লেশ্যন কক্ষলৈ লৈ যোৱা হয়। শুভাংছুৰ লগতে অন্যান্য মহাকাশচাৰীসকলক অহা এসপ্তাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব।
সমগ্ৰ দেশৰ দৃষ্টি আছিল এই কেপচুলৰ অৱতৰণৰ ওপৰত
মঙলবাৰে সমগ্ৰ দেশৰ দৃষ্টি আছিল মহাকাশচাৰী শুভাংছু শুক্লাৰ সফল প্ৰত্যাৱৰ্তনৰ ওপৰত। অনুসন্ধান ভৱনত তেওঁলোকৰ উভতি অহাৰ লাইভ কভাৰেজও দেখুওৱা হৈছিল। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংকে ধৰি বহু বিষয়া উপস্থিত থাকে। অৱতৰণ কৰাৰ প্ৰায় এঘণ্টাৰ পিছত ড্ৰেগন কেপচুলৰ হেচ্চ খোলাৰ লগে লগে প্ৰথমে ওলাই আহিল আমেৰিকাৰ অভিজ্ঞ মহাকাশচাৰী পেগী হুইটছন। কেইমিনিটমান পিছত শুভাংশু শুক্লা হাঁহি হাঁহি ওলাই আহিল।
চাৰিওজন মহাকাশচাৰী ৭ দিন আইছ’লেশ্যনত থাকিব
শুভাংশুৰ লগতে অন্যান্য মহাকাশচাৰীসকলক আগন্তুক এসপ্তাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব। মহাকাশত দীৰ্ঘদিন থকাৰ বাবে শৰীৰৰ হাড়, পেশী আৰু ভাৰসাম্য ব্যৱস্থা পুনৰ খাপ খুৱাই লোৱাটো প্ৰয়োজনীয়। বিশেষজ্ঞৰ এটা দলে তেওঁলোকৰ স্বাস্থ্যৰ পৰিমাপসমূহ অহৰহ নিৰীক্ষণ কৰি আছে যাতে যিকোনো ধৰণৰ জটিলতাৰ পৰা হাত সাৰিব পৰা যায়।
এক্সিয়াম মিছন ৪ৰ অধীনত ৩১খন দেশৰ ৬০টা বৈজ্ঞানিক পৰীক্ষা
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ ১৮ দিনীয়া যাত্ৰাৰ সময়ছোৱাত এক্সিয়াম ৪ অভিযানৰ চাৰিজন মহাকাশচাৰীয়ে ৩১খন দেশৰ পৰা ৬০টা বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল মহাকাশ বিজ্ঞান আৰু স্বাস্থ্য প্ৰযুক্তিৰ দৰে বহু ক্ষেত্ৰত নতুন তথ্য সংগ্ৰহ কৰা। এই তথ্য আৰু বৈজ্ঞানিক সামগ্ৰী আজি পৃথিৱীলৈ ঘূৰাই অনা হৈছে। ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই এই অভিযানত ৭টা পৰীক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াত ভাৰতীয় টাৰ্ডিগ্ৰেড, মাই’জেনেছিছ, মেথি আৰু মুগ গুটিৰ অংকুৰণ, চাইন’বেক্টেৰিয়া, মাইক্ৰ’এলজি, শস্যৰ বীজ আৰু ভয়েজাৰ প্ৰদৰ্শনৰ ওপৰত পৰীক্ষা-নিৰীক্ষা পৰিকল্পনা অনুসৰি সম্পূৰ্ণ কৰা হৈছে।
উল্লেখযোগ্য যে ২০২৫ চনৰ ২৫ জুনত ফ্ল’ৰিডাৰ কেনেডি স্পেচ ষ্টেচনৰ পৰা স্পেচএক্সৰ ফেলকন-৯ ৰকেটৰ জৰিয়তে এই অভিযান সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। ২৬ জুনত মহাকাশচাৰীসকলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈ তাত ১৮ দিনীয়া যাত্ৰা আৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া