ইছলামবাদ, ১৫ জুলাই (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কাশ্মোৰৰ সমীপৰ সিন্ধু নদীৰ গুড্ডু বেৰেজত হঠাতে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে তিনিটা উপনৈ খালত পানী এৰি দিয়া হৈছে। বান নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি গুড্ডু বেৰেজৰ সিন্ধু নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে।
এ আৰ ৱাই নিউজ চেনেলৰ তথ্য অনুসৰি মঙলবাৰেও গুড্ডু বেৰেজত মধ্যমীয়া পৰ্যায়ৰ বানপানী অব্যাহত আছে। যোৱা ১২ ঘণ্টাত গুড্ডু বেৰেজত আহিছে ৩,৭৫,৫০০ কিউচেক পানী। বানপানীৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৩,৩৫,৮০০ কিউচেক পানী এৰি দিয়া হৈছে। স্থানীয় বাসিন্দাসকলে কয় যে, পানীৰ চাপ বৃদ্ধিৰ বাবে খালসমূহৰ মথাউৰি দুৰ্বল হৈ পৰিছে।
আগন্তুক ২৪ ঘন্টাত সিন্ধু নদীৰ জলপৃষ্ঠ আৰু অধিক বৃদ্ধিৰ ভৱিষ্যদ্বাণী কৰিছে বেৰেজ কণ্ট্ৰল ৰুমত। বান পূৰ্বাভাস বিভাগে প্ৰকাশ কৰা অনুসৰি চুক্কুৰ বেৰেজৰ পানীৰ প্ৰবাহ ২ লাখ ৮৯ হাজাৰ ৫০০ কিউচেক আৰু কোত্ৰী বেৰেজত ৭৭ হাজাৰ ১০০ কিউচেক।
পাকিস্তানৰ সিন্ধু নদীৰ ওপৰত থকা গুড্ডু বেৰেজ ১৯৬২ চনত সম্পূৰ্ণ হয়।১৯৬২ চনত ইয়াৰ উদ্বোধন কৰে তেতিয়াৰ ফিল্ড মাৰ্শ্বাল আয়ুব খানে।
প্ৰাক্তন ৰাষ্ট্ৰপতি ইস্কান্দৰ মিৰ্জাই ১৯৫৭ চনৰ ০২ ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা স্থাপন কৰে।জলসিঞ্চনৰ দৃষ্টিকোণৰ পৰা গুড্ডু বেৰেজ গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা চুক্কুৰ, জেকবাবাদ আৰু লাৰ্কনা জিলাৰ কিছু অংশলৈ পানী যোগান ধৰা হয়। এই বেৰেজৰ দৈৰ্ঘ্য প্ৰায় ৪,৪৫০ ফুট (১,৩৫৬ মিটাৰ)।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী