- সূত্ৰৰ দাবী, আলফা (স্বাধীন)ৰ দ্বিতীয়টো ডাঙৰ স্বঘোষিত সেনাপতি নয়ন অসম আৰু স্বঘোষিত কৰ্ণেল প্ৰদীপ অসম নিহত
গুৱাহাটী, ১৩ জুলাই (হি.স.)। সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা-স্বাধীনৰ ম্যানমাৰত থকা শিবিৰ আৰু আত্মগোপন স্থানত দেওবাৰে নিশা ভাৰতীয় সেনাই ড্ৰ’নেৰে বৃহৎ আক্ৰমণ চলাইছে বুলি দাবী কৰিছে । ভাৰতীয় সেনাৰ এই সীমা অতিক্ৰম কৰা কাৰ্যত ইয়াৰ সংগঠনৰ দুজন সেনাপতি আৰু আন বহু সদস্য (উগ্ৰপন্থী) নিহত হৈছে। অৱশ্যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ম্যানমাৰৰ বিষয়াই এনে কোনো আক্ৰমণ নিশ্চিত কৰা নাই।
উত্তৰ-পূবৰ নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন), এন এছ চি এন (কে) আৰু ম্যানমাৰৰ পি এল এৰ শিবিৰত নিৰাপত্তা বাহিনীয়ে ড্ৰ’ন আক্ৰমণ চলাইছে বুলি দাবী কৰিছে আলফা (স্বাধীন)য়ে। সীমাৰ সিপাৰৰ পৰা চলোৱা এই অভিযানত আলফা (আই)ৰ দ্বিতীয়টো ডাঙৰ স্বঘোষিত সেনাপতি নয়ন আছম আৰু স্বঘোষিত কৰ্ণেল প্ৰদীপ অছমকে ধৰি কেইবাজনো সদস্য (উগ্ৰপন্থী) নিহত হৈছে। আলফা (আই)এ এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি কয় যে পুৱাৰ ভাগত কেইবাটাও মোবাইল কেম্পত ড্ৰ’নে আক্ৰমণ কৰে।
শেষৰ তথ্য পোৱালৈকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বা ম্যানমাৰ কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰা নাই। এই আক্ৰমণ সন্দৰ্ভত কোনো পক্ষই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
অৱশ্যে নাম প্ৰকাশ নকৰাৰ চৰ্তত হিন্দুস্থান সমাচাৰক কেন্দ্ৰীয় চোৰাংচোৱা সূত্ৰই জনোৱা মতে, সীমা অতিক্ৰম কৰি দেওবাৰে পুৱতি নিশা ম্যানমাৰৰ সাগাইং অঞ্চলত চলোৱা এক বৃহৎ অভিযানত সশস্ত্ৰ বাহিনীয়ে অসম, নাগালেণ্ড আৰু মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ চাৰিটা শিবিৰ, সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা-স্বাধীন (আলফা-আই), নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম-খাপলাং ফৈদ (এন এছ চি এন-কে) আৰু মণিপুৰ পিপলছ লিবাৰেচন আৰ্মি (পিএলএ)ৰ চাৰিটা শিৱিৰত প্ৰায় ১০০ ড্ৰোন আক্ৰমণ কৰা হয়।
তথ্য অনুসৰি ম্যানমাৰ সেনাৰ সমন্বয়ত সংঘটিত এই ড্ৰ’ন আক্ৰমণ ভাৰত-ম্যানমাৰ সীমান্তত নগা স্বায়ত্তশাসিত অঞ্চলত (ম্যানমাৰ অঞ্চলত) অৱস্থিত উগ্ৰপন্থী আত্মগোপন স্থানক লক্ষ্য কৰি ভাৰতীয় সেনাই আজি পুৱা সংঘটিত কৰে। ইয়াৰে এটা মূল লক্ষ্য আছিল ৱাকথাম বস্তিত আলফা-স্ৱাধীনৰ কেম্প ৭৭৯ আছিল। সূত্ৰটোৱে দাবী কৰা মতে, ড্ৰ’ন আক্ৰমণৰ সময়ত সংগঠনটোৰ পাঁচজন কৰ্মী শিবিৰত উপস্থিত আছিল। অৱশ্যে সংশ্লিষ্ট শিবিৰত কোনো লোক আহত বা মৃত্যু হোৱা বুলি চোৰাংচোৱা সূত্ৰই নিশ্চিত কৰা নাই।
সূত্ৰটোৱে জনোৱা মতে, সাগাইং অঞ্চলৰ হায়াত বস্তিত অৱস্থিত আলফা-আইৰ ‘ইষ্টাৰ্ণ কমাণ্ড হেডকোৱাৰ্টাৰ’ (ইচিএইচকিউ)ত সুকীয়াকৈ তীব্ৰ আক্ৰমণ সংঘটিত হয়। যদিও এই ঘটনা আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই, তথাপিও প্ৰাৰম্ভিক খবৰৰ ভিত্তিত চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে যে এই আক্ৰমণত ইচিএইচকিউত থকা আলফা-আইৰ শীৰ্ষ সেনাধ্যক্ষ ৫৮ বছৰীয়া নয়ন মেধি ওৰফে নয়ন অসম নিহত হৈছে। নয়ন মেধি (নয়ন অসম) অসমৰ তেতিয়াৰ বৰপেটা জিলাৰ (বৰ্তমান বজালী) বাসিন্দা আছিল। ইয়াৰ উপৰিও কৰ্ণেল প্ৰদীপ অসমকে ধৰি আন কেইবাজনো আলফা-আই কৰ্মীও ড্ৰোন আক্ৰমণত নিহত হয়।
সূত্ৰটোৱে জনোৱা মতে, ড্ৰ’ন আক্ৰমণত ওচৰৰ কেইবাটাও এন এছ চি এন (কে) শিবিৰকো লক্ষ্য কৰি লোৱা হৈছে। যদিও বৰ্তমানলৈকে সঠিক তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও নগা আৰু মণিপুৰ উগ্ৰপন্থী সংগঠনৰ বহু কৰ্মী নিহত হোৱা বুলি অনুমান কৰা হৈছে। সূত্ৰটোৱে দাবী কৰা মতে, ড্ৰোন আক্ৰমণত আৰাকান শিবিৰৰ বেয়াকৈ ক্ষতিসাধন হৈছে।
নিৰাপত্তা বিশেষজ্ঞসকলে এই আক্ৰমণসমূহক ভাৰত চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী কৌশলৰ এক নতুন অংশ হিচাপে গণ্য কৰে, যাৰ লক্ষ্য হৈছে সীমান্তৰ সিপাৰে কাম কৰা উত্তৰ-পূবৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ নিৰাপদ আশ্ৰয়স্থল ধ্বংস কৰা। ম্যানমাৰৰ দুৰ্গম অৰণ্যক দীৰ্ঘদিন ধৰি উলফা-আই আৰু অসম আৰু নাগালেণ্ডত সক্ৰিয় আন সন্ত্ৰাসবাদী সংগঠনে কৌশলগত ঘাটি হিচাপে ব্যৱহাৰ কৰি আহিছে।
মন কৰিবলগীয়া যে পৰেশ বৰুৱাৰ পিছত আলফা-আইৰ ধাৰাবাহিক আক্ৰমণৰ দায়িত্বত আছিল নয়ন অসম। নয়ন অসম নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৰ মূল কৌশলবিদ আৰু সামৰিক প্ৰশিক্ষক হিচাপে গণ্য কৰা হৈছিল ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া