লণ্ডন, ১৩ জুলাই (হি.স.)। পোলেণ্ডৰ কিংবদন্তি টেনিছ খেলুৱৈ ইগা ছুয়াটেকে শনিবাৰে উইম্বলডন ২০২৫ৰ মহিলা একক ফাইনেলত কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ দখল কৰি ইতিহাসৰ সৃষ্টি কৰে। মাত্ৰ ২৬ মিনিটতে আমেৰিকাৰ খেলুৱৈ আমাণ্ডা এনিছিমোভাক ৬-০, ৬-০ গ’লত পৰাস্ত কৰি টেনিছ জগতত এক নতুন অধ্যায় সংযোজন কৰে ২৪ বছৰীয়া ছুয়াটেকে।
এই জয় ছুইয়াটেকৰ বাবে আৱেগিকভাৱে বিশেষ হোৱাই নহয়, পোলেণ্ডৰ পৰা উইম্বলডনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হোৱাৰ গৌৰৱো লাভ কৰিছে।
ছুয়াটেকৰ ঐতিহাসিক কৃতিত্ব
ইগা ছুয়াটেকৰ এই ষষ্ঠটো গ্ৰেণ্ড শ্লেম খিতাপ। ইয়াৰ পূৰ্বে চাৰিবাৰ ফ্ৰেন্স অ’পেন আৰু এবাৰ ইউ এছ অ’পেনত জয়ী হৈছিল। বিশেষ কথাটো হ’ল এতিয়ালৈকে খেলা ছয়খন গ্ৰেণ্ড শ্লেমৰ ফাইনেলতেই তেওঁ জয়ী হৈছে, অৰ্থাৎ ফাইনেলত জয়ী হোৱাৰ অভিলেখ ১০০ শতাংশ।
আমাণ্ডা এনিছিমোভা সম্পূৰ্ণৰূপে বিধ্বস্থ
২৩ বছৰীয়া আমেৰিকান খেলুৱৈ আমাণ্ডা এনিছিমোভাৰ বাবে এই ফাইনেলখন দুঃস্বপ্নতকৈ কম নাছিল। গোটেই মেচখনত তেঁও এখনো খেলত জয়ী হ’ব পৰা নাছিল। ছুইয়াটেকৰ আক্ৰমণাত্মক শৈলী আৰু অতুলনীয় নিয়ন্ত্ৰণে তেওঁক ক’ৰ্টত থাকিবলৈ নিদিলে। উইম্বলডনৰ দৰে সন্মানীয় প্ৰতিযোগিতাৰ ফাইনেলত এনে একপক্ষীয় জয় খুব কমেইহে দেখা যায়।
ক্লে ক’ৰ্টৰ পৰা ঘাঁহলৈ: ছুয়াটেকৰ যাত্ৰা
বিশেষকৈ ৰাফেল নাডালৰ দৰে ছুইয়াটেকক এতিয়ালৈকে ক্লে ক’ৰ্টৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল। কিন্তু এইবাৰ তেওঁ গ্ৰাছ ক’ৰ্টতো নিজৰ আধিপত্য প্ৰমাণ কৰিছে। এতিয়া তেঁও প্ৰতিটো মুখ্য পৃষ্ঠত গ্ৰেণ্ড শ্লেম জয় কৰা নিৰ্বাচিত কেইজনমান খেলুৱৈৰ সৈতে যোগদান কৰিছে।
মেচখনৰ শেষ পইণ্ট লাভ কৰাৰ লগে লগে ছুইয়াটেকে আৱেগিক হৈ পৰে আৰু ক’ৰ্টত বহি জয়ৰ উদযাপন কৰে। এই মুহূৰ্তটো টেনিছ প্ৰেমীসকলৰ বাবে বহুদিনলৈ স্মৰণীয় হৈ থাকিব।
মন কৰিবলগীয়া যে ১৯২৬ চনত মহিলা পেছাদাৰী টেনিছ আৰম্ভ হৈছিল, আৰু তাৰ ৯৯ বছৰৰ পাছত ২০২৫ চনত পোলেণ্ডৰ এগৰাকী মহিলা খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে উইম্বলডনৰ ট্ৰফী তুলি লৈছিল। এই কৃতিত্ব চিৰদিন সোণালী আখৰেৰে লিখা থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া