লণ্ডন, ১৩ জুলাই (হি.স.)। ভাৰত আৰু ইংলেণ্ডৰ মাজত লৰ্ডছ টেষ্টে এক ৰোমাঞ্চকৰ ৰূপ ধাৰণ কৰিছে। তৃতীয় দিনৰ খেলৰ শেষলৈকে ইংলেণ্ডে দ্বিতীয় ইনিংছত কোনো ধৰণৰ লোকচান নোহোৱাকৈ ২ ৰান সংগ্ৰহ কৰিছে। এই টেষ্ট মেচখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আছিল যে দুয়োটা দলে প্ৰথম ইনিংছত সমসংখ্যক ৩৮৭ ৰান সংগ্ৰহ কৰিছিল, যাৰ বাবে এতিয়া মেচখন সম্পূৰ্ণ ভাৰসাম্যপূৰ্ণ হৈ পৰিছে।
তৃতীয় দিনা ভাৰতে ১৪৫/৩ স্ক’ৰেৰে আগবাঢ়ি খেলিবলৈ আৰম্ভ কৰে। কে এল ৰাহুল আৰু ঋষভ পন্তে ভাৰতীয় ইনিংছ শক্তিশালী কৰি চতুৰ্থ উইকেটৰ বাবে ১৪১ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে। এই সময়ছোৱাত ৰাহুলে টেষ্ট কেৰিয়াৰৰ দশম শতক অৰ্জন কৰে। ৰাহুলে ১০০ ৰান সংগ্ৰহ কৰি আউট হয়। একে সময়তে পণ্টে আড়ম্বৰপূৰ্ণ শৈলীত ৭৪ ৰান সংগ্ৰহ কৰিছিল যদিও অসাৱধানতাৰে ৰান লোৱাৰ প্ৰয়াসত ৰান আউট হৈছিল।
ভাৰতে ২৫৪ ৰানত ৫টা উইকেট হেৰুৱাইছিল যদিও ইয়াৰ পাছত ৰবীন্দ্ৰ জাডেজা (৭২) আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ৩৪ ৰান সংগ্ৰহ কৰি ষষ্ঠ উইকেটৰ বাবে ৭২ ৰান ভাগ কৰি দলটোক আগুৱাই লৈ যায়। নীতিশ আউট হোৱাৰ পাছত জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে (২৩) ৰান সংগ্ৰহ কৰি সপ্তম উইকেটত ৫০ ৰান সংগ্ৰহ কৰে।
অৱশ্যে ভাৰতে ৩৭৬ ৰানত সপ্তমটো উইকেট হেৰুৱাই, তাৰ পাছত বাকী তিনিটা উইকেট মাত্ৰ ১১ ৰানৰ ভিতৰতে হেৰুৱাই পেলায়। ভাৰতৰ সমগ্ৰ ইনিংছ ৩৮৭ ৰাণত সমাপ্ত হয়। ইংলেণ্ডৰ দৰেই ভাৰতৰ ইনিংছও একে স্ক’ৰত সমাপ্ত হোৱাৰ পাছত মেচখন আকৌ এবাৰ আৰম্ভণিৰ স্থানত উপনীত হ’ল ৷
ইংলেণ্ডৰ হৈ ক্ৰীছ ৱ’কেছে সৰ্বাধিক তিনিটা উইকেট দখল কৰে। আনহাতে জোফ্ৰা আৰ্চাৰ আৰু বেন ষ্ট’কে দুটাকৈ সফলতা লাভ কৰে। একে সময়তে ব্ৰেণ্ডন কাৰ্ছ আৰু শ্বোয়াইব বছিৰে এটাকৈ উইকেট লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া