লছ এঞ্জেলছ, ১২ জুলাই (হি.স.)। আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়ন (এচিএলইউ)ৰ নাগৰিক অধিকাৰৰ গোচৰৰ সপক্ষে শুকুৰবাৰে ৰায়দান কৰে ফেডাৰেল জজ মামে ইউছি-মেনছাহ ফ্ৰিম্পঙে। ফেডাৰেল ন্যায়াধীশে ট্ৰাম্প প্ৰশাসনক লছ এঞ্জেলছ আৰু কেলিফৰ্ণিয়াৰ আন কেইবাখনো কাউন্টিত অনুপ্ৰৱেশৰ অভিযান অস্থায়ীভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। কেইবাদিনো ধৰি আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে এই অভিযান চলাই আহিছে। ন্যায়াধীশগৰাকীয়ে কয় যে এই অভিযান শীঘ্ৰে বন্ধ কৰিব লাগে।
চিবিএছ নিউজ চেনেলৰ বাতৰি অনুসৰি জিলা ন্যায়াধীশ ফ্ৰিম্পঙে এই সিদ্ধান্তত লিখিছে যে, “আইচিইয়ে আমেৰিকাৰ সংবিধানৰ চতুৰ্থ সংশোধনী উলংঘা কৰিছে।” ন্যায়াধীশে নিৰ্ধাৰণ কৰিলে যে ফেডাৰেল এজেণ্টসকলে কঠিন প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ কৰিব নোৱাৰে।
এচিএলইউ আৰু অভিবাসী অধিকাৰ সংগঠনসমূহে আইনী নথিখনত দাবী কৰিছে যে ফেডাৰেল এজেণ্টে বৰ্ণবাদৰ ভিত্তিত মানুহক গ্ৰেপ্তাৰ কৰিছে। ৱাৰেণ্ট অবিহনে অভিযান চলাইছে। মানুহে আইনী পৰামৰ্শ ল’বলৈ দিয়া নহয়। ফেডাৰেল এজেণ্টে মুকলিকৈ সংবিধান উলংঘা কৰিছে।
এচিএলইউৰ অধিবক্তা মহম্মদ তাজছেৰে কয় যে, “তেওঁলোকৰ ছালৰ ৰং যিয়েই নহওক কিয়, তেওঁলোকে যি ভাষাত কওক বা ক’ত কাম কৰক, সকলোৰে সাংবিধানিক অধিকাৰ আছে যাতে তেওঁলোকক অবৈধভাৱে আটক কৰাৰ পৰা ৰক্ষা কৰা হয়।” অৱশ্যে বিচাৰৰ সময়ত ট্ৰাম্প প্ৰশাসনৰ অধিবক্তাই এই দাবীসমূহ অস্বীকাৰ কৰে।
ফেডাৰেল চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব নে নকৰে সেই সন্দৰ্ভত আমেৰিকাৰ ন্যায় বিভাগে কোনো মন্তব্য কৰা নাই। এই সিদ্ধান্তৰ পিছত আমেৰিকাৰ এটৰ্নী বিল এস্পলিয়ে এটা পোষ্টত কয় যে ফেডাৰেল এজেণ্টসকলে আইন বলবৎ কৰি থাকিব আৰু আমেৰিকাৰ সংবিধান মানি চলিব। গোচৰটোত উত্থাপিত অভিযোগৰ সৈতে আমি সম্পূৰ্ণৰূপে একমত নহয়। আমি বিশ্বাস কৰোঁ যে এজেণ্টসকলে কেতিয়াও কোনো ব্যক্তিক সঠিক আইনী ন্যায্যতা অবিহনে আটক কৰা নাই।
এই সিদ্ধান্তৰ সন্দৰ্ভত কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে কয়, আজি ন্যায়ৰ জয়লাভ হ'ল। আদালতৰ সিদ্ধান্তই ফেডাৰেল ইমিগ্ৰেচন বিষয়াসকলক মানুহৰ অধিকাৰ আৰু বৰ্ণ বৈষম্য উলংঘা কৰাত সাময়িকভাৱে বন্ধ কৰি দিছে। খবৰ অনুসৰি ফেডাৰেল ন্যায়াধীশ ফ্ৰিম্পঙে দুটা অস্থায়ী ৰেষ্ট্ৰেইনিং অৰ্ডাৰ জাৰি কৰিছে।
মন কৰিবলগীয়া যে ন্যায়াধীশ ফ্ৰিম্পংক নিযুক্তি দিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেনে। নিজৰ সিদ্ধান্তত ফ্ৰিম্পঙে ট্ৰাম্প প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে। ফ্ৰিম্পঙে সিদ্ধান্তটোত লিখিছে, “কোনো সন্দেহ নোহোৱাকৈ টহলদাৰী দলটোৱে ঘূৰি ফুৰাটো সংবিধানৰ চতুৰ্থ সংশোধনীৰ উলংঘা আৰু অধিবক্তাৰ সুবিধা অস্বীকাৰ কৰাটো সংবিধানৰ পঞ্চম সংশোধনীৰ উলংঘা।”
এই গোচৰৰ কেন্দ্ৰবিন্দুত আছে মণ্টেবেলোৰ বাসিন্দা ব্রায়ান গাভিডিয়া। যোৱা মাহত ইমিগ্ৰেচন এজেণ্টে তেওঁক আটক কৰি ৰাখিছিল। বৃহস্পতিবাৰে লছ এঞ্জেলছৰ আদালতৰ বাহিৰত গাভিডিয়াই কয় যে, “মই আমেৰিকান বুলি কোৱা আৰু প্ৰমাণ কৰাৰ পিছতো এজেণ্টসকলে মোৰ ফোনটো কাঢ়ি লৈ যায়।”
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া