পাটনা, ১২ জুলাই (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী তথা এলজেপি (আৰ)ৰ ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছোৱানক এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ২০ জুলাইৰ ভিতৰত বোমা বিস্ফোৰণৰে হত্যাৰ ভাবুকি দিয়া হৈছে। জামুইৰ সাংসদ তথা চিৰাগ পাছোৱানৰ ভিনিহিয়েকে এক্স-পোষ্টত ইয়াৰ বাবে আৰজেডিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।
এলজেপি (আৰ)ৰ মুখ্য মুখপাত্ৰ ৰাজেশ ভট্টই পাটনাৰ চাইবাৰ থানাত এফআইআৰ দাখিল কৰিছে। চিৰাগে এই ভাবুকি পোৱাৰ পিছতে দলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভট্টই কয় যে ইউটিউবাৰ দক্ষপ্ৰিয়াৰ ইনষ্টাগ্ৰাম একাউণ্টৰ কমেণ্ট ছেকচনত টাইগাৰ মেৰাজ ইডিচিয়ে চিৰাগ পাছেৱানক বোমা বিস্ফোৰণ কৰি হত্যা কৰাৰ ভাবুকি দিছে। তেওঁ আৰক্ষীক সন্দেহযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।
জামুইৰ সাংসদ অৰুণ ভাৰতীয়ে এক্স-পোষ্টত কয় যে অভাৱনীয় পৰাজয়ৰ আশংকাত ক্ষুব্ধ হৈ আৰজেডিয়ে বিহাৰত জংগল ৰাজ ২.০ আনিব বিচাৰিছে। সেইবাবেই আৰজেডিৰ অপৰাধী উপাদানে চিৰাগ পাছোৱানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে। সাংসদ ভাৰতীয়ে ৰাজ্য চৰকাৰৰ পৰা চিৰাগ পাছোৱানৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে বুলেটপ্ৰুফ গাড়ী প্ৰদান কৰিবলৈ দাবী জনাইছে। জামুইৰ সাংসদগৰাকীয়ে কয় যে চিৰাগ পাছোৱান সিংহৰ পুত্ৰ। তেওঁ কাকো ভয় নকৰে, ভয়ো নাখায়। তেওঁ বিহাৰৰ বাবে জীয়াই থাকিব। বিহাৰৰ কাৰণেই তেওঁ প্ৰাণ এৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া