টাইৱানৰ আশে-পাশে চীনৰ সামৰিক কাৰ্যকলাপ তীব্ৰতৰ, ৯খন বিমান এডিআইজেডত প্ৰৱেশ
টাইপেই (টাইৱান), ১২ জুলাই (হি.স.)। চীনে পুনৰবাৰ টাইৱানৰ আশে-পাশে সামৰিক কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে। টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, শনিবাৰে পুৱা ৬ বজালৈকে (স্থানীয় সময় অনুসৰি) টাইৱানৰ চাৰিওফালে ১৪খন চীনৰ সামৰিক বিমান, ৯খন নৌস
টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টুইট


টাইপেই (টাইৱান), ১২ জুলাই (হি.স.)। চীনে পুনৰবাৰ টাইৱানৰ আশে-পাশে সামৰিক কাৰ্যকলাপ তীব্ৰতৰ কৰি তুলিছে। টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, শনিবাৰে পুৱা ৬ বজালৈকে (স্থানীয় সময় অনুসৰি) টাইৱানৰ চাৰিওফালে ১৪খন চীনৰ সামৰিক বিমান, ৯খন নৌসেনাৰ জাহাজ আৰু এখন চৰকাৰী জাহাজৰ কাৰ্যকলাপ ধৰা পৰিছে। আনকি এই ১৪খন সামৰিক বিমানৰ ভিতৰত ৯খনে মধ্যম ৰেখা অতিক্ৰম কৰি টাইৱানৰ উত্তৰ আৰু পূব বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ অঞ্চল (এডিআইজেড)ত প্ৰৱেশ কৰে।

টাইৱানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য এক্স পোষ্টত শ্বেয়াৰ কৰিছে। মন্ত্ৰালয়ে কয় যে টাইৱানৰ সশস্ত্ৰ বাহিনীয়ে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে। লগতে সামৰিক বিমান, নৌসেনাৰ জাহাজ আৰু উপকূলীয় ক্ষেপণাস্ত্ৰ ব্যৱস্থাও নিয়োগ কৰা হয়।

টাইপেই টাইমছ কাকতৰ খবৰ অনুসৰি চীনে নিজৰ জাহাজৰ জৰিয়তে টাইৱান অঞ্চলৰ গুৱামৰ আশে-পাশে সাগৰৰ তলৰ মানচিত্ৰণ কৰি আছে। ইয়াৰ ফলত ই সাগৰৰ তলত কেবল স্থাপন কৰাত সহায় কৰিব পাৰে আৰু ইয়াক সামৰিক কামতো ব্যৱহাৰ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande