জম্মু, ১২ জুলাই (হি.স.)। দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত পবিত্ৰ অমৰনাথ গুহাত সৃষ্টি হোৱা প্ৰাকৃতিক হিমলিংগ দৰ্শনৰ বাবে শনিবাৰে জম্মুৰ ভাগৱতী নগৰ অৱস্থান শিবিৰৰ পৰা ৬,৬৩৯ জনীয়া একাদশ সংখ্যক তীৰ্থযাত্ৰীৰ দল এটা ৰাওনা হয়।
বিষয়াসকলে জনোৱা মতে, আজি পুৱা কটকটীয়া নিৰাপত্তাৰ মাজতে দুটা পৃথক কনভয়ত ১৪৬২গৰাকী মহিলা, ৪১গৰাকী শিশু আৰু ১৮১গৰাকী সাধু আৰু সাধ্ৱীসহ তীৰ্থযাত্ৰীসকলে অনন্তনাগৰ নুনৱান-পেহেলগাম আৰু গণ্ডাৰবলৰ বালতাল অৱস্থান শিৱিৰ (বেছ কেম্প)লৈ ৰাওনা হয়।
বিষয়াসকলে জনোৱা মতে, ১৫৯খন বাহনৰ কনভয়ত ৪৩০২জন তীৰ্থযাত্ৰী পেহেলগাম বেছ কেম্পৰ ফালে যোৱাৰ বিপৰীতে ১১৬খন বাহনেৰে ২৩৩৭জন হজযাত্ৰীয়ে বালতাল পথটো পছন্দ কৰি ৰাওনা হৈছে।
উল্লেখ্য যে সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৮৮০ মিটাৰ উচ্চতাত অৱস্থিত শ্ৰী অমৰনাথৰ পবিত্ৰ গুহাত সৃষ্টি হোৱা প্ৰাকৃতিক হিমলিংগ দৰ্শনৰ বাবে এইবাৰৰ ৩৮ দিনীয়া বাৰ্ষিক তীৰ্থযাত্ৰা যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হৈছিল। এই যাত্ৰা অহা ৯ আগষ্টত ৰক্ষা বন্ধন উৎসৱৰ সৈতে সামৰণি পৰিব।
এই পৰ্যন্ত ১.৬৫ লাখতকৈ অধিক তীৰ্থযাত্ৰীয়ে প্ৰাকৃতিকভাৱে গঠিত শিৱলিং দৰ্শন কৰিবলৈ অমৰনাথ গুহা পৰিভ্ৰমণ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া