গুৱাহাটী, ০৮ জুন (হি.স.)। আগন্তুক ৰাজ্যসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। দেওবাৰে দলটোৰ চৰকাৰী সূত্ৰই জনোৱা মতে, আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত জ্যেষ্ঠ নেতাসকলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ কথা ঘোষণা কৰে।
অসম গণ পৰিষদে এক বিবৃতিৰ জৰিয়তে জনাইছে যে আগন্তুক ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নেতা বৈশ্যক প্ৰাৰ্থী হিচাপে গঢ়ি তোলা হৈছে। কিন্তু বিশেষ চৰ্তত তেওঁক প্ৰাৰ্থী হিচাপে গঢ়ি তুলিছে। এই চৰ্ত অনুসৰি দুবছৰৰ পিছত বৈশ্যই এই আসন এৰিব লাগিব দলৰ আন এজন নেতাৰ বাবে।
এই গুৰুত্বপূৰ্ণ বৈঠকত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি আৰু মন্ত্ৰী কেশৱ মহন্ত, সাংসদ আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি আন বহু জ্য়েষ্ঠ নেতা কৰ্মীও উপস্থিত থাকে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া