ইম্ফল, ০৮ জুন (হি.স.)। ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ইম্ফল পশ্চিম, ইম্ফল ইষ্ট, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা (ভিএছএট আৰু ভিপিএন সেৱাকে ধৰি) ৫ দিনৰ বাবে স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশ শনিবাৰে নিশা ১১:৪৫ বজাৰ পৰা কাৰ্যকৰী হয়।
এই নিৰ্দেশ অনুসৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে প্ৰজ্বলনমূলক বাৰ্তা, ঘৃণামূলক ভাষণ আৰু ভুৱা তথ্য প্ৰচাৰ কৰাৰ সম্ভাৱনা আছে, যিয়ে জনসাধাৰণৰ আৱেগক উচটনি দিব পাৰে আৰু শান্তি বিঘ্নিত কৰিব পাৰে। ইয়াৰ ফলত সাম্প্ৰদায়িক উত্তেজনা আৰু ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হ’ব পাৰে বুলি প্ৰশাসনে শংকা প্ৰকাশ কৰিছে।
ৰাজ্যৰ গৃহ বিভাগৰ আয়ুক্ত সহ সচিব এন অশোক কুমাৰে জাৰি কৰা এই আদেশত উল্লেখ আছে যে উৰাবাতৰি আৰু উচটনিমূলক কাৰ্যকলাপ বন্ধ কৰিবলৈ এই পদক্ষেপ প্ৰয়োজনীয়। এই আদেশ টেলিকম সেৱাৰ অস্থায়ী নিলম্বন নিয়ম, ২০১৭ৰ অধীনত গৃহীত কৰা হৈছে।
এই সিদ্ধান্ত তাৎক্ষণিক কাৰ্যকৰী আৰু একপক্ষীয়ভাৱে লোৱা হৈছে আৰু ইয়াক প্ৰেছ আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰা হ’ব বুলিও আদেশত স্পষ্ট কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে বিশেষভাৱে শ্বেত তালিকাভুক্ত কৰা সেৱাসমূহৰ পৰা কেৱল সেই চৰকাৰী সংস্থাসমূহক ৰেহাই দিয়া হ’ব।
এই আদেশ উলংঘা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া