টিভিএছ মটৰৰ অধ্যক্ষ নিযুক্তি সুদৰ্শন ভেনু, ২৫ আগষ্টত দায়িত্ব গ্ৰহণ
নতুন দিল্লী, ০৫ জুন (হি.স.)। অটোমোটিভ কোম্পানী টিভিএছ মটৰ কোম্পানীয়ে সুদৰ্শন ভেনুক কোম্পানীটোৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালক (এমডি) হিচাপে নিযুক্তি দিছে। ২৫ আগষ্টৰ পৰা তেওঁ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিব। টিভিএছ মটৰ কোম্পানীয়ে
টিভিএছ মটৰৰ অধ্যক্ষ নিযুক্তি সুদৰ্শন ভেনু


নতুন দিল্লী, ০৫ জুন (হি.স.)। অটোমোটিভ কোম্পানী টিভিএছ মটৰ কোম্পানীয়ে সুদৰ্শন ভেনুক কোম্পানীটোৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালক (এমডি) হিচাপে নিযুক্তি দিছে। ২৫ আগষ্টৰ পৰা তেওঁ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিব।

টিভিএছ মটৰ কোম্পানীয়ে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে সঞ্চালক মণ্ডলীয়ে সৰ্বসন্মতিক্ৰমে সুদৰ্শন ভেনুক কোম্পানীটোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। ২৫ আগষ্টৰ পৰা দায়িত্ব ল’ব পৰিচালক সুদৰ্শন ভেনুৱে। টিভিএছ ব’ৰ্ডৰ এই সিদ্ধান্ত এনে সময়তে লোৱা হৈছে যেতিয়া বৰ্তমানৰ অধ্যক্ষ ৰালফ স্পেথে পুনৰ নিযুক্তি ল’বলৈ অস্বীকাৰ কৰিছে। ২২ আগষ্টত কোম্পানীটোৰ এজিএমৰ পিছত তেওঁ পদত্যাগ কৰিব।

নিযুক্তিৰ পিছত সুদৰ্শন ভেনুৱে কয়, বৰ্তমানৰ অধ্যক্ষ ছাৰ ৰালফ স্পেথে কোম্পানীটোক বিশ্বজুৰি আৰু অধিক বৃদ্ধিৰ দিশত পথ প্ৰদৰ্শন কৰাত গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে কাম কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande