অনুষ্কাই হেঁচা থেলাৰ দুৰ্ঘটনাত দুখ প্ৰকাশ, এটা পোষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ
ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে আই পি এল ২০২৫ত প্ৰথমবাৰৰ বাবে ট্ৰফী জয় কৰি ইতিহাস ৰচনা কৰিছিল। এই জয়ৰ পিছত সমগ্ৰ বাংগালুৰু চহৰে আনন্দৰ লহৰ সৃষ্টি কৰিছিল। অৱশ্যে এই সুখ মাত্ৰ ২৪ ঘন্টাতে দুখলৈ পৰিণত হ''ল। চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত এই ভয়াবহতাত ৭-৮
अनुष्का


ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে আই পি এল ২০২৫ত প্ৰথমবাৰৰ বাবে ট্ৰফী জয় কৰি ইতিহাস ৰচনা কৰিছিল। এই জয়ৰ পিছত সমগ্ৰ বাংগালুৰু চহৰে আনন্দৰ লহৰ সৃষ্টি কৰিছিল। অৱশ্যে এই সুখ মাত্ৰ ২৪ ঘন্টাতে দুখলৈ পৰিণত হ'ল। চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত এই ভয়াবহতাত ৭-৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হৈছে। এই দুৰ্ঘটনাক লৈ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে অভিনেত্ৰী অনুষ্কা শৰ্মাই।

অনুষ্কাই নিজৰ ইনষ্টাগ্ৰামত আই পি এল দল আৰ চি বিৰ আনুষ্ঠানিক বিবৃতিৰ এটা পোষ্ট শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰে। অনুষ্কাই এই পোষ্টটোৰ সৈতে এটা হৃদয়বিদাৰক ইমোজি শ্বেয়াৰ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে, দলটো অহাৰ পিছত বেংগালুৰুত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানৰ সময়ত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত আমি গভীৰভাৱে দুখী হৈছো। আমি সকলোৰে সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি সৰ্বোচ্চ গুৰুত্ব দিওঁ। এই কৰুণ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। পৰিস্থিতিৰ প্ৰতি সচেতন হোৱাৰ লগে লগে আমি তাৎক্ষণিক পৰিৱৰ্তন ঘটালোঁ। আমাৰ সময়সূচী অনুসৰি আমি স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা আৰু পৰামৰ্শও মানি চলিছো।'

কেনেকৈ হ’ল হেঁচা থেলা?

আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত এক বিশাল জনসমাগম হৈছিল। ষ্টেডিয়ামৰ বাহিৰতো বিপুল জনসমাগমৰ সৃষ্টি হৈছিল। জানিব পৰা মতে, অনিয়ন্ত্ৰিত জনসমাগমক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি-চাৰ্জ কৰাৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই হুলস্থুলত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande