বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই। নীনাই নিজৰ কেৰিয়াৰত বহুতো ডাঙৰ ডাঙৰ ছবি দিছে। শক্তিশালী অভিনয়ৰ উপৰিও নীনা বল্ড ষ্টাইলৰ বাবেও পৰিচিত। ৬৬ বছৰ বয়সতো নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলক প্ৰতিযোগিতা প্ৰদান কৰে। নীনাৰ আগন্তুক ছবি ‘মেট্ৰ’ ইন ডাইনন’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম। শেহতীয়াকৈ নীনা গুপ্তাই জন্মদিন উদযাপন কৰে। এই উপলক্ষে নীনাৰ চাৱনি চৰ্চাৰ বিষয় হৈ পৰিল।
তেওঁৰ আগন্তুক ছবি ‘মেট্ৰ’ ইন ডাইনন’ৰ অনুষ্ঠানত সহ অভিনেতাসকলৰ সৈতে জন্মদিন উদযাপন কৰে নীনাই। এই অনুষ্ঠানত আদিত্য ৰায় কাপুৰ, চাৰা আলী খান, কংকনা সেন শৰ্মা, পংকজ ত্ৰিপাঠী আৰু পৰিচালক অনুৰাগ বসুও উপস্থিত থাকে। এই সময়ত নীনাৰ ড্ৰেছিং চেন্স দেখি সকলোৱে আচৰিত হৈছিল।
নীনা গুপ্তাৰ ফেশ্বন ষ্টেটমেন্টৰ বাবে পুনৰ শিৰোনাম। ৬৬ বছৰ বয়সত ষ্টাইলিছ বগা কাফটান পিন্ধিছিল আৰু সন্মুখত আকৰ্ষণীয় সোণালী ‘বিস্কুট ব্ৰা’ ডিজাইন আছিল। এই সাজ-পোছাক ডিজাইন কৰিছিল তেওঁৰ কন্যা মাছাবা গুপ্তাৰ ফেশ্বন ব্ৰেণ্ড ‘হাউছ অৱ মাছাবা’। ছচিয়েল মিডিয়াত নীনাৰ এই লুকটো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিল। বহুতে তেওঁৰ সাহস আৰু আত্মবিশ্বাসক প্ৰশংসা কৰাৰ বিপৰীতে একাংশ ব্যৱহাৰকাৰীয়ে তেওঁৰ বয়সকো সমালোচনা কৰে।
বহু অনুৰাগীয়ে বয়স মাত্ৰ এটা সংখ্যা, নীনা জী এক প্ৰেৰণা বুলি কোৱাৰ বিপৰীতে একাংশ ট্ৰ'লে লিখিছে, আপুনি আপোনাৰ বয়স অনুসৰি সাজ-পোছাক পৰিধান কৰা উচিত আৰু এই বয়সত আপোনাৰ পৰা এইটো আশা কৰা হোৱা নাছিল। অৱশ্যে নীনা গুপ্তাই সদায়ৰ দৰেই নিজৰ ষ্টাইলৰ দ্বাৰা প্ৰমাণ কৰিলে যে ফেশ্বনত বয়সৰ কোনো সীমা নাই।
'মেট্ৰ' ইন ডিনন' মুক্তিৰ তাৰিখ
অহা ৪ জুলাইত মুক্তি পাব ‘মেট্ৰ’ ইন ডিনন’ ছবিখনৰ প্ৰযোজক ভূষণ কুমাৰৰ টি ছিৰিজৰ। সংগীত সুৰকাৰ প্ৰীতমে ছবিখনৰ সংগীত ৰচনা কৰিছে। সাৰা আৰু আদিত্যৰ সতেজ যুটিটো দেখি অনুৰাগীসকলো অতিশয় উৎসাহিত হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া