নতুন দিল্লী, ২০ জুন (হি.স.)। শুকুৰবাৰে শিৱসুব্ৰমণিয়াম ৰমণে আনুষ্ঠানিকভাৱে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি (পিএফআৰডিএ)ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে তেওঁক পাঁচ বছৰৰ বাবে বা ৬৫ বছৰ বয়সলৈকে নিযুক্তি দিছে, যিটো আগতে হ’ব। বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে।
১৯৯১ চনৰ ভাৰতীয় অডিট এণ্ড একাউণ্টছ চাৰ্ভিচ (আই এ এণ্ড এ এছ)ৰ বেচ অফিচাৰ ৰমণৰ বিত্তীয় নিয়ন্ত্ৰণ, ৰাজহুৱা বিত্ত আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দশক দশক ধৰি অভিজ্ঞতা আছে। পি এফ আৰ ডি এত যোগদান কৰাৰ পূৰ্বে তেওঁ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ কাৰ্যালয়ত উপ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক আৰু মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
ইয়াৰ পূৰ্বে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, নেশ্যনেল ই-গভৰ্নেন্স চাৰ্ভিচেছ লিমিটেড (এন ই এছ এল)ৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া, ঝাৰখণ্ড ৰাজ্যৰ প্ৰধান একাউণ্টেণ্ট জেনেৰেলকে ধৰি কেইবাটাও নেতৃত্বৰ পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ উপৰিও ২০০৬ চনৰ পৰা ২০১৩ চনলৈকে তেওঁ ভাৰতৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডত মুখ্য জেনেৰেল মেনেজাৰ (চিজিএম) আৰু তাৰ পিছত কাৰ্যবাহী সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এক্স পোষ্টত কয় যে শিৱসুব্ৰমণিয়াম ৰমণ আজি পিএফআৰডিএৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ কথা ঘোষণা কৰি সুখী হৈছো। সকলোৰে বাবে আৰ্থিক সুৰক্ষা নিশ্চিত কৰিবলৈ পিএফআৰডিএই ভাৰতৰ পেঞ্চন খণ্ডত সংস্কাৰ আৰু উদ্ভাৱনক আগুৱাই নিয়াৰ সময়ত আমি তেওঁৰ নিৰ্দেশনাৰ বাবে আগ্ৰহী।
বিত্ত মন্ত্ৰালয়ে কয় যে ৰাজহুৱা বিত্ত, প্ৰযুক্তি আৰু বিত্তীয় নিয়ন্ত্ৰণৰ বিস্তৃত অভিজ্ঞতাৰে ৰমণে পিএফআৰডিএক ভাৰতৰ পেঞ্চন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সকলো নাগৰিকৰ অৱসৰৰ নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যত পথ প্ৰদৰ্শন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া