শোণিতপুৰ, ২০ জুন (হি.স.)। অনলাইনৰ জৰিয়তে কৌশলৰে যিকোনো লোকৰ পৰা ধন লুট কৰা বিভিন্ন ঘটনা সংঘটিত হৈ থকাৰ সময়তে তেজপুৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ একাউন্টৰ পৰাই এনে এক প্ৰৱঞ্চক দলে লুটি নিবলৈ সক্ষম হয় তিনিকোটিৰ অধিক টকা৷ আজি শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা ২৭মে’ত তেজপুৰৰ অশোক মটৰ্চৰ গৰাকী প্ৰদীপ তিব্ৰেৱালৰ বেংক একাউন্টৰ পৰা অনলাইনৰ জৰিয়তে তিনিকোটি ২৮ লাখ টকা লুট কৰে এটা চক্ৰই৷ এই বিষয়ে ব্যৱসায়ীজনে কৰা অভিযোগৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷
আৰক্ষীৰ তদন্ত ফান্দত এই ঘটনাৰে জড়িত এক বৃহৎ চক্ৰ জালত পৰে৷ উল্লেখযোগ্য যে, অনলাইনৰ জৰিয়তে আৰু অটিপি অবিহনেই এই বৃহৎ ধনৰাশি বৰপেটাৰ কলগছিয়াস্হিত আৰটিএমটি ক্ৰেডিট চাৰ্ভিছ নামৰ এটা কোম্পানীৰ একাউন্টলৈ ট্ৰেঞ্চফাৰ কৰা হৈছিল৷ ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে বৰপেটাৰ কলগছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে সাতজন অভিযুক্তক৷
উল্লেখযোগ্য যে, কোম্পানীটোৰে জড়িত একাংশ লোকৰ একাউন্টত এই ধনৰাশি জমা ৰখা হৈছিল৷ শোণিতপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা কলগছিয়াৰ সাতজন অভিযুক্তৰ নাম ছাহিদুল ইছলাম, নজৰুল ইছলাম, চাহিনুৰ খাটুন, আমিনুল হক, নুৰুল আমিন, চানোৱাৰ হুছেইন, ছাহিদুল ইছলাম বুলি প্ৰকাশ কৰিছে৷
আনহাতে এই সকলৰ পৰা তদন্তকাৰী আৰক্ষীয়ে দুই কোটি ৮৪লাখ টকা এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই ধন গৰাকীক উভতাই দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে বুলি শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগতে ঘটনাৰ অধিক অনুসন্ধান অব্যাহত আছে বুলিও সদৰি কৰিছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ