কুশনগৰ, ২০ জুন (হি.স.)। বিহাৰৰ ছিৱান জিলাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৩৫ মিনিটৰ বাবে কুশিনগৰ বিমানবন্দৰত ৰৈছিল। বিমানবন্দৰত বিজেপিৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি মোদীয়ে তেওঁলোকৰ কুশল মংগলৰ বিষয়ে সোধা-পোছা কৰে।
পুৱা ১১:১৫ বজাত কুশনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ বিমান। কুশিনগৰ বিমানবন্দৰত বিমানখনৰ পৰা নামি যোৱাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভূপেন্দ্ৰ সিং চৌধুৰী, সাধাৰণ সম্পাদক সংগঠন ধৰ্মপাল, মন্ত্ৰী দীনেশ প্ৰতাপ সিং ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে, কৃষি মন্ত্ৰী সূৰ্য্য প্ৰতাপ শ্বাহী, ৰাজ্যসভাৰ সদস্য আৰ পি এন সিং, সাংসদ বিজয় ডুবে, বিধায়ক পি এন পাঠকে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। উপায়ুক্ত অনিল ধিংৰা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কে এছ প্ৰতাপ কুমাৰ, জিলা দণ্ডাধীশ মহেন্দ্ৰ সিং তনৱাৰ আদিয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনায়।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণৰ মংগলৰ বিষয়ে সোধা-পোছা কৰে। জ্যেষ্ঠতাৰ ক্ৰমত শাৰী পাতি থিয় হৈ প্ৰধানমন্ত্ৰীয়ে এজন এজনকৈ সকলো ৰাইজৰ শুভেচ্ছা গ্ৰহণ কৰি তেওঁলোকৰ পৰিচয়ৰ বিষয়ে অৱগত হয়। ইয়াত প্ৰায় ২০ মিনিট ৰৈ প্ৰধানমন্ত্ৰী হেলিকপ্টাৰেৰে বিহাৰৰ ছিৱান অভিমুখে ৰাওনা হয়। জনসভাৰ অন্তত মোডীয়ে পুনৰ বিমানবন্দৰত উপস্থিত হয় ২:২৭ বজাত আৰু ১৫ মিনিট ৰৈ নিজৰ বিশেষ বিমানেৰে গন্তব্যস্থানলৈ ৰাওনা হয়। এই সময়ছোৱাত বিমানবন্দৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া