-কলাগুৰু বন্দনাৰে মুখৰিত তেজপুৰ
সমাধি সমন্বয় ক্ষেত্ৰত তেজপুৰৰ সকলো অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি
-জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু বিধায়ক পৃথ্বিৰাজ ৰাভাই গালে কলাগুৰুৰ কালজয়ী গীত
-গীত -নৃত্য-কবিতাৰে জীপাল সমাধি সমন্বয় ক্ষেত্ৰ
-শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত গীত -নৃত্যৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি
-জিলাৰ ১৭ গৰাকী শিল্পী পেন্সন প্ৰাপকক অসম চৰকাৰৰ মানপত্ৰ প্ৰদান
-শিক্ষাৰ্থীৰ মাজত আয়োজন কৰা প্ৰতিযোগিতাৰ পাৰদৰ্শী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান
শোণিতপুৰ, ২০ জুন (হি.স.)। মানৱতাবাদী গণশিল্পী, সব্যসাচী তথা কলাগুৰুৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত কলাগুৰু বন্দনাৰে মুখৰিত হৈ পৰিল সমগ্ৰ তেজপুৰ । কলাগুৰু গৰাকীৰ কৰ্ম আৰু সাধনাৰ স্হলী তেজপুৰৰ বিভিন্ন অনুষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে আজি মহান শিল্পী গৰাকীক গীত -মাত -নৃত্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।কলাগুৰু গৰাকীৰ সমাধি সমন্বয় ক্ষেত্ৰ তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু শিল্পী -কলাকুশলীৰ উপস্থিতিত পুৱাৰ পৰা গীত -নৃত্য আৰু কবিতাৰে জীপাল হৈ পৰে ।
কলাগুৰু সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত পুৱা সমন্বয় সৌধত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে কলাগুৰু গৰাকীৰ শিল্পী পুত্ৰ, বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে । সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ সভাপতি পংকজ বৰুৱাৰ পৰিচালনাত সম্পাদক দীপক তালুকদাৰৰ লগতে তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠান, শোণিতপুৰ শিল্পী সমাজ, উত্তৰ-পশ্চিম তেজপুৰ যুৱ-শিশু বিকাশ কেন্দ্ৰ ,সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বিশিষ্ট নাট্যকাৰ -পৰিচালক মাণিক আহমেদ, তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি বিশ্বদেৱ ভট্টাচাৰ্য্য, তেজপুৰ পৌৰসভাৰ সভাপতি ৰমেন তামুলী, প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, বিশিষ্ট সমাজকৰ্মী স্বপ্না বনিয়া, মধুস্মিতা হাজৰিকা ডেকা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, প্ৰাক্তন ছাত্ৰ নেতা অলক নাথ, প্ৰবীণ শিল্পী তৰুলতা দাস, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা, প্ৰাক্তন উপসভাপতি নবীন চন্দ্ৰ লহকৰ, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, উপসভাপতি ভৱানন্দ দাস, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰাক্তন মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকন, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নিতুল বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, শোণিতপুৰ জিলা সংখ্যালঘু ছাত্ৰ সন্থা আদিকে ধৰি বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ শিক্ষাৰ্থী সকলে অধ্যক্ষা দীপা দাস পৰিচালিত দৃষ্টিনন্দন নৃত্যৰে জীপাল কৰি তোলে।
বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আজিৰ এই অনুষ্ঠানত স্মৃতিচাৰণ কৰি কলাগুৰু গৰাকীৰ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । বিধায়ক পৃথ্বিৰাজ ৰাভাই কলাগুৰু গৰাকীৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৰচনা কৰা অন্তিমটো গীত এই মোৰ শেষ গানৰ সৃষ্টিৰ মুহূৰ্ত আৰু জীৱনটোক কেনেদৰে এখন ভাওনাৰ বিভিন্ন দিশৰে ৰিজনি কৰিছিল সেই কথা সদৰি কৰি নিজে গীতটো পৰিবেশন কৰে । জিলা আয়ুক্ত অংকুৰ ভৰালীয়েও ক্ষণজন্মা শিল্পী গৰাকীক স্মৃতিচাৰণ কৰি অসম চৰকাৰে তেজপুৰক সাংস্কৃতিক ৰাজধানী হিচাবে গঢ়ি তুলিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰি কৰি আজিৰ দিনটো তেজপুৰ বাসীৰ বাবে আনন্দৰ দিন বুলি মন্তব্য কৰি নিজে কলাগুৰু গৰাকীৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ।
তেজপুৰৰ প্ৰায় সকলো অনুষ্ঠানৰ বিষয়ববীয়া আৰু শিল্পী কলাকুশলীয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত তেজপুৰৰ গায়িকা অন্বেষা কাঞ্চন বৰা, প্ৰবীণ কন্ঠশিল্পী লক্ষী গোস্বামী, জনপ্ৰিয় গায়ক বিতোপন বৰা, প্ৰীতম নাথ, প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস, তেজপুৰৰ এসময়ৰ জনপ্ৰিয় কন্ঠশিল্পী তথা বৰ্তমানৰ সমাজ কল্যাণ বিষয়া ৰুবী কলিতা আৰু কণমানি সঞ্জুশ্ৰী শিৱমে কলাগুৰুৰ গীত পৰিবেশন কৰে ।
আনহাতে তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অধ্যক্ষা মিতালী বৰঠাকুৰৰ পৰিচালনাত গীত পৰিবেশন কৰা অনুষ্ঠানটিৰ অন্তত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মমিতা ভট্টাচাৰ্য্যই কলাগুৰুৰ এটি কবিতা আবৃত্তি কৰা অনুষ্ঠানটিত এগৰাকী আদৰ্শ মহিলা কৃষক মৃদুলা শইকীয়াই সমাধি সমন্বয় ক্ষেত্ৰত ৰোপণ কৰিবলৈ এটি মূল্যবান গছৰ পুলি আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত নিজে ৰচনা কৰা এটি কবিতা ছপাই -বন্ধাই পুত্ৰ তথা বিধায়ক পৃথ্বিৰাজ ৰাভাৰ হাতত অৰ্পণ কৰাৰ লগতে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাই তেজপুৰ চহৰত এসময়ত ৰিক্সাত বহি যোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন দুৰ্লভ ফটো বাইণ্ডিং কৰি অৰ্পণ কৰে ।
আনহাতে পুৱাৰ তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মূখত থকা কলাগুৰু গৰাকীৰ আৱক্ষ মূৰ্তিত তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাপতি ধ্ৰুৱজ্যোতি দাসে । তেজপুৰ সাহিত্য সভাৰ সম্পাদক পল্লব ভট্টাচাৰ্য্যই আঁত ধৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা, উপসভাপতি দ্বীজেন নাথ, প্ৰাক্তন উপসভাপতি নবীন চন্দ্ৰ লহকৰ, প্ৰবীণ শিল্পী অজিৎ দাস, কোষাধক্ষ তথা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰাক্তন সভাপতি পুলিন ভট্টাচাৰ্য্য, প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, জ্যেষ্ঠ সদস্য ভূপেন কটকী, অভিনেতা ৰাজীৱ মহন্ত, অসম সাহিত্য সভাৰ আজীৱন সদস্য সুজিত ঘোষ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
সেইদৰে পুৱা ৭ বজাতেই তেজপুৰ ঘৰপৰাচুবুৰীৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কলাগুৰু গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা আৰু নৃত্যশালাৰ অধ্যক্ষা, জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসে । ইয়াৰ পিছতেই নৃত্যানুষ্ঠানখনৰ একাংশ শিক্ষাৰ্থীয়ে কলাগুৰুৰ সুৰৰে দেউলৰে শীৰ্ষক গীতটিত সমূহীয়া ভাৱে দৃষ্টিনন্দন নৃত্যৰে জীপাল কৰি তোলে । তেজপুৰ চানমাৰীৰ কলাগুৰু প্ৰগতি সন্হা কলাগুৰু সংগীত মহাবিদ্যালয়, জ্যোতি ভাৰতী, অসমীয়া ভাষা উন্নতি সাধিনী সভা, ত্ৰিমূৰ্তি উদ্যান, মাজগাঁও শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ লগতে সন্ধিয়া কলাগুৰু গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান ।
সেইদৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ উদ্যোগত তেজপুৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান সভানেত্ৰী মিনাক্ষী শৰ্মাই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছত সভা উদ্বোধন কৰে লেখিকা অঞ্জু দত্ত বৰাই । অনুষ্ঠানটিত নিজৰা ৰাণী দেৱী, চয়নিকা বৰা, নীৰা কলিতা, অঞ্জু দত্ত বৰাই গীত পৰিবেশন কৰাৰ লগতে হিমাদ্ৰী শইকীয়া, ৰাণু হাজৰিকা, দময়ন্তী বৰা, কৃষ্ণা গোস্বামী আৰু সুবৰ্ণ ৰেখা শইকীয়াই কবিতা আবৃত্তি কৰাৰ লগতে কলাগুৰুৰ স্মৃতিচাৰণ কৰে ক্ৰমে -তাপশী বৰ্মন, ৰিজুমণি বৰা, জিমি শইকীয়া, কুসুম মহন্তই ।
আনহাতে বিয়লিৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা গীতে -মাতে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে । অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোৱঁৰ, ত্বাহিৰ আলম, সহকাৰী আয়ুক্ত আইৰিচ আৰমান আহমেদ, ৰথিচ বৰা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকন, শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস, তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি বিশ্বদেৱ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত এই অনুষ্ঠানত অসমৰ বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, ইন্দ্ৰানী গগৈ, জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰী, প্ৰণৱ লহকৰে গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পী মায়াৰাণী বৰাৰ পৰিচালনাত নৃত্যশালাৰ কন কন শিক্ষাৰ্থী সকলে কলাগুৰুৰ গীতত সমবেত নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে ।
উল্লেখ্য যে এই অনুষ্ঠানতে শোণিতপুৰ জিলা প্ৰশাসনে অসম চৰকাৰে শিল্পী পেন্সন প্ৰদান কৰা জিলাখনৰ ১৭ গৰাকী শিল্পীক অসম চৰকাৰৰ মানপত্ৰ প্ৰদান কৰাৰ লগতে একোখনকৈ গামোচাৰে সম্ভাষণ জনাই। ইয়াৰ উপৰি এই অনুষ্ঠানতে কলাগুৰু গৰাকীৰ ৫৭ সংখ্যক স্মৃতিদিৱস উপলক্ষে শোণিতপুৰ জিলা শিক্ষা বিভাগে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত আয়োজন কৰা চিত্ৰকলা, কুইজ আৰু ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বিভিন্ন বিদ্যালয়ৰ ১৬ গৰাকী শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰি উদ্বুদ্ধ কৰে উপস্থিত প্ৰশাসনিক বিষয়া সকলে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ