ব্ৰিটেইন ভ্ৰমণৰ সময়ত ডিজিটেল আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত পীয়ুষ গোৱেলৰ আলোকপাত
নতুন দিল্লী, ২০ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্ৰিটেইন ভ্ৰমণৰ সময়ত ব্ৰিটেইনৰ কেইবাজনো শীৰ্ষ বিষয়া আৰু উদ্যোগৰ নেতাক সাক্ষাৎ কৰে। ইয়াৰ সময়ত তেওঁ বিত্তীয় আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দৰে উদীয়মান প্ৰ
ব্ৰিটেইন ভ্ৰমণৰ সময়ত ডিজিটেল আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত পীয়ুষ গোৱেলৰ আলোকপাত


নতুন দিল্লী, ২০ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্ৰিটেইন ভ্ৰমণৰ সময়ত ব্ৰিটেইনৰ কেইবাজনো শীৰ্ষ বিষয়া আৰু উদ্যোগৰ নেতাক সাক্ষাৎ কৰে। ইয়াৰ সময়ত তেওঁ বিত্তীয় আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দৰে উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীয়ে শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, “ডিজিটেল জগতত ভাৰতৰ বৃহৎ অগ্ৰগতিৰ সৈতে আমি দুয়োখন অৰ্থনীতিত ফিনটেক পৰিৱেশ তন্ত্ৰ, ডিজিটেল সবলীকৰণ আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ নেতৃত্বত বৃদ্ধিৰ প্ৰসাৰৰ বিষয়ে আলোচনা কৰিলোঁ।”

এই ভ্ৰমণৰ সময়ত তেওঁ লণ্ডনৰ ফিউচাৰ ফ্ৰন্টিয়াৰ্ছ ফ’ৰামত বিজ্ঞান সংগ্ৰহালয় গোটৰ সঞ্চালক তথা মুখ্য কাৰ্যবাহী ছাৰ ইয়ান ব্লেচফৰ্ডৰ সৈতে মত বিনিময় কৰে।

পীয়ুষ গোৱেলে ব্ৰিটেইনত ৰাজকোষৰ চ্যান্সেলৰ ৰেচেল ৰিভছক সাক্ষাৎ কৰে। ইয়াৰ সময়ত ভাৰত-ব্ৰিটেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে বিত্তীয় আন্তঃগাঁথনি, বহনক্ষম বিত্ত আৰু নতুন ব্যৱসায়িক সুযোগ মুকলিৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ উপৰিও ব্ৰিটেইনস্থিত ব্যৱসায়িক বিত্তীয় মঞ্চ টাইডৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) অলিভাৰ প্ৰিলৰ সৈতেও পীয়ুষ গোৱালে এক আকৰ্ষণীয় আলোচনাত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী গোৱালে মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ক আলোচনাৰ পাঠ্যৰ পৰা পৰিৱৰ্তনশীল অৰ্থনৈতিক অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে। লণ্ডনত অনুষ্ঠিত ইণ্ডিয়া গ্ল’বেল ফ’ৰাম (আই জি এফ) ২০২৫ত ভাৰতৰ কৌশলগত বিশ্বদৃষ্টিভংগী আৰু অর্থনৈতিক নেতৃত্ব প্রদর্শন কৰে পীয়ুষ গোৱেলে৷

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এফটিএক দুখন সজীৱ গণতন্ত্ৰৰ মাজত থকা ভাগ-বতৰা উচ্চাকাংক্ষাৰ প্ৰতিফলন বুলি অভিহিত কৰে। তেওঁ কয় যে এই চুক্তিয়ে কেৱল দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাই নহয়, ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ লগত সংগতি ৰাখি সুষম আৰু আগন্তুক বাণিজ্যিক কাঠামোৰ আলোচনাৰ ক্ষমতাও প্ৰতিফলিত কৰে।

উল্লেখযোগ্য যে পীয়ুষ গোৱেলে ব্ৰিটেইন আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তি ৰূপায়ণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ আৰু দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ উপায় বিচাৰি উলিয়াবলৈ দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণত লণ্ডনলৈ গৈছিল । এফ টি এ কাৰ্যকৰী কৰাৰ বাবে দুয়োখন দেশৰ মাজত ঐক্যমত হোৱা বুলিও জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande