দেশৰ আঠটা প্ৰধান মৌলিক উদ্যোগৰ বৃদ্ধিৰ হাৰ মে’ মাহত ০.৭ শতাংশ
নতুন দিল্লী, ২০ জুন (হি.স.)। দেশৰ ৮টা প্ৰধান মৌলিক উদ্যোগৰ বৃদ্ধিৰ হাৰ মে’ মাহত ০.৭ শতাংশলৈ হ্ৰাস পাইছে, যিটো যোৱা ৯ মাহৰ ভিতৰত সৰ্বনিম্ন। যোৱা বছৰৰ একে সময়ছোৱাত ৬.৯ শতাংশ আছিল। কিন্তু এই সময়ছোৱাত চিমেণ্ট, তীখা, কয়লা আৰু শোধনাগাৰৰ সামগ্ৰীৰ উৎপাদন
উদ্যোগ


নতুন দিল্লী, ২০ জুন (হি.স.)। দেশৰ ৮টা প্ৰধান মৌলিক উদ্যোগৰ বৃদ্ধিৰ হাৰ মে’ মাহত ০.৭ শতাংশলৈ হ্ৰাস পাইছে, যিটো যোৱা ৯ মাহৰ ভিতৰত সৰ্বনিম্ন। যোৱা বছৰৰ একে সময়ছোৱাত ৬.৯ শতাংশ আছিল। কিন্তু এই সময়ছোৱাত চিমেণ্ট, তীখা, কয়লা আৰু শোধনাগাৰৰ সামগ্ৰীৰ উৎপাদন ইতিবাচক হৈয়েই আছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত এই প্ৰধান মৌলিক উদ্যোগসমূহৰ উৎপাদন ১ শতাংশ বৃদ্ধি পোৱা গৈছে। এই উদ্যোগসমূহৰ পূৰ্বৰ সৰ্বনিম্ন বৃদ্ধিৰ হাৰ ২০২৪ চনৰ আগষ্ট মাহত ৰেকৰ্ড কৰা হৈছিল, যেতিয়া এই আন্তঃগাঁথনি খণ্ডসমূহৰ উৎপাদন ১.৫ শতাংশ হ্ৰাস পাইছিল। তথ্য অনুসৰি এই সময়ছোৱাত চিমেণ্ট, তীখা, কয়লা আৰু শোধনাগাৰৰ সামগ্ৰীৰ ইতিবাচক বৃদ্ধি দেখা গৈছে। কিন্তু মে’ মাহৰ ভিতৰত চিমেণ্ট, তীখা, কয়লা আৰু শোধনাগাৰৰ সামগ্ৰীৰ উৎপাদন ইতিবাচক হৈয়েই আছে। চাৰিটা ডাঙৰ খণ্ড খাৰুৱা তেল, প্ৰাকৃতিক গেছ, সাৰ আৰু বিদ্যুতৰ উৎপাদন হ্ৰাস পাইছে।

ইয়াৰ লগতে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম দুমাহত (এপ্ৰিল-মে’) আঠটা ডাঙৰ খণ্ডত মুঠ ০.৮ শতাংশ বৃদ্ধি পোৱা গৈছে, যিটো যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৬.৯ শতাংশতকৈও কম।

দেশৰ ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ত আঠটা প্ৰধান মৌলিক উদ্যোগ অৰ্থাৎ মূল খণ্ডৰ ভাৰ হৈছে ৪০.২৭ শতাংশ। এই প্ৰধান উদ্যোগসমূহৰ ভিতৰত আছে কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, শোধনাগাৰৰ সামগ্ৰী, সাৰ, তীখা, চিমেণ্ট আৰু শক্তি খণ্ড।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande