২০৩৫ চনৰ ভিতৰত অসমত ৫৫০০ মেগাৱাট শক্তিৰ প্ৰয়োজন হ’বঃ শক্তিৰ স্বাৱলম্বীতা লাভৰ বাবে ৰাজ্য চৰকাৰে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰেঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ২০ জুন(হি.স.)। বিগত চাৰি বছৰত অসমত বছৰি গড়ে ১১% বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে, এইদৰে চাহিদা বৃদ্ধিৰ মূলতে হৈছে আন্তঃগাঁথনি সম্প্ৰসাৰণ, উদ্যোগীকৰণ, আৰু ক্ৰমাগতভাৱে জীৱন ধাৰণৰ মান উন্নত হোৱা। এই ধাৰা যদি অটুট থাকে তেন্তে ২০৩৫ চনৰ ভিতৰত ৰাজ্য
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ শক্তি খণ্ডৰ আৰম্ভণি, বিৱর্তন, আৰু ৰূপান্তৰৰ বিষয়ে লিখা বুৰঞ্জী “থাৰ্ড এম্পেয়াৰ”ৰ শুভ উন্মোচন কৰে


গুৱাহাটী, ২০ জুন(হি.স.)। বিগত চাৰি বছৰত অসমত বছৰি গড়ে ১১% বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে, এইদৰে চাহিদা বৃদ্ধিৰ মূলতে হৈছে আন্তঃগাঁথনি সম্প্ৰসাৰণ, উদ্যোগীকৰণ, আৰু ক্ৰমাগতভাৱে জীৱন ধাৰণৰ মান উন্নত হোৱা। এই ধাৰা যদি অটুট থাকে তেন্তে ২০৩৫ চনৰ ভিতৰত ৰাজ্যৰ দৈনিক বিদ্যুতৰ প্ৰয়োজনীয়তা ৫৫০০ মেগাৱাট হ’ব বুলি আশা কৰা হৈছে।

ইয়াৰ বাবে অসমে বিদ্যুৎ উৎপাদনত স্বাৱলম্বীতা লাভ কৰাটো নিশ্চিত কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰে প্ৰস্তুতিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ শক্তি খণ্ডৰ আৰম্ভণি, বিৱর্তন, আৰু ৰূপান্তৰৰ বিষয়ে লিখা বুৰঞ্জী “থাৰ্ড এম্পেয়াৰ”ৰ উন্মোচনৰ সময়ত উক্ত বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷

অসম প্ৰশাসনিক প্ৰাধিকৰণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত অসম বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগৰ ৰূপালী জয়ন্তীও উদযাপন কৰা হয়, অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এ ই আৰ চিৰ দ্বাৰা প্ৰস্তুত কৰা পাঁচটা নতুনকৈ প্ৰৱৰ্তিত আৰু সংশোধিত নিয়ন্ত্ৰণ কাঠামো প্ৰকাশ কৰে।

অনুষ্ঠান উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰে যে বিদ্যুৎ যিকোনো অঞ্চলৰ উন্নয়নৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত, কিয়নো ঔদ্যোগিক আৰু উন্নয়নমূলক কাৰ্যকলাপ আৰম্ভ হোৱাৰ লগে লগে শক্তিৰ উপলব্ধতা আৰু ব্যয়সাধ্যতা নিৰৱচ্ছিন্নভাৱে চৰ্চালৈ আহে।

তেওঁ উল্লেখ কৰে যে অসমে বৰ্তমান প্ৰায় ৫০০ মেগাৱাট বিদ্যুৎ স্বতন্ত্ৰভাৱে উৎপাদন কৰে, আনহাতে কেন্দ্ৰীয় গ্ৰীডৰ পৰা দৈনিক প্ৰায় ১৮০০ মেগাৱাট বিদ্যুৎ আহৰণ কৰে। তেওঁ লগতে কয় যে বিগত কেইটামান সপ্তাহত গ্ৰীষ্মকালীন উচ্চতম চাহিদা ২৭০০ মেগাৱাটলৈ বৃদ্ধি পাইছে, যিটো পৰিসংখ্যা বৰ্তমানৰ হাৰত অব্য়াহত থাকিলে ছেপ্টেম্বৰৰ ভিতৰত ২৯০০ মেগাৱাটলৈ বৃদ্ধি পাব পাৰে।

বিনিয়োগ বিষয়ত ভাষণ দি মুখ্যমন্ত্রীয়ে আলোকপাত কৰে যে এডভান্টেজ আছাম ২.০ সন্মিলনৰ সময়ত ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱ স্বাক্ষৰ হৈছিল৷ ঔদ্যোগিক খণ্ডত ৩ লাখ কোটি টকা আৰু আন্তঃগাঁথনি খণ্ডত ২ লাখ কোটি টকা।

তেওঁ উল্লেখ কৰে যে, উক্ত চুক্তিসমূহৰ ভিত্তিত ইতিমধ্যে ৬০,০০০ কোটি টকা প্ৰকল্পৰ কাম অব্য়াহত আছে। ইয়াৰে কেইবাটাও উদ্যোগ বছৰৰ অন্তিম ভাগত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। উক্ত প্ৰকল্প সমূহে ৰাজ্যখনৰ বিদ্যুতৰ প্ৰয়োজনীয়তা আৰু অধিক বৃদ্ধি কৰিব বুলিও তেওঁ লগতে কয়।

মুখ্য়মন্ত্ৰী গৰাকী উল্লেখ কৰে যে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সমান্তৰালভাৱে অসমৰ দ্রুত উন্নয়নে বিদ্যুতৰ চাহিদা সূচকীয়ভাৱে বৃদ্ধিত অৰিহণা যোগাইছে - অনাগত বছৰবোৰতো এই ধাৰা অটুট থাকিব বুলি আশা কৰা হৈছে৷

উক্ত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে ২০৩৫ চনৰ ভিতৰত প্ৰকল্পিত শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দীৰ্ঘম্যাদী, আত্মনিৰ্ভৰশীল শক্তি কৌশল ৰচনা কৰিছে। পৰিকল্পনাৰ অংশ হিচাপে ৫,০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে, লগতে নিশাৰ ব্যৱহাৰৰ বাবে সৌৰশক্তিৰ সংৰক্ষণৰ বাবে ৮,০০০ মেগাৱাট পাম্পযুক্ত সংৰক্ষণ ব্যৱস্থা স্থাপনৰ বাবেও উপযুক্ত স্থান চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে শেহতীয়াকৈ অসমত ৩০০০ মেগাৱাটৰ তাপ শক্তি প্ৰকল্প স্থাপনৰ বাবে অনুমোদন জনাইছে।

বিগত চাৰে চাৰি বছৰত বিদ্যুৎ খণ্ডত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে উক্ত সময়ছোৱাত যথেষ্ট বিনিয়োগ আৰু উল্লেখযোগ্য আন্তঃগাঁথনি সংস্কাৰ দেখা গৈছে, ফলত শক্তি সঞ্চাৰণ আৰু বিতৰণৰ লোকচান লক্ষণীয়ভাৱে হ্ৰাস পাইছে, প্ৰায় ২৯-৩০%ৰ পৰা ১৫.৫%লৈ হ্ৰাস পাইছে।

তেওঁ আৰু কয় যে স্মাৰ্ট মিটাৰৰ পদক্ষেপে ইতিবাচক ফলাফল দিছে। এই সংস্কাৰৰ ফলত এই খণ্ডত কাম কৰা তিনিওটা সংস্থাই লাভজনক হৈ পৰিছে, ফলত ৰাজ্যখনে বিদ্যুতৰ শুল্ক প্ৰতি ইউনিটত ১ টকা হ্ৰাস কৰিবলৈ সক্ষম হৈছে। বিগত ২৫ বছৰত ৰাজ্যৰ শক্তি খণ্ডক গঢ় দিয়াত অসম বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক মুখ্যমন্ত্ৰী গৰাকী স্বীকাৰ কৰে। তেওঁ কয় যে, খণ্ডটোক বহনক্ষম ভৱিষ্যতৰ দিশত পৰিচালিত কৰাত আয়োগে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিছে।

তেওঁ আশা প্ৰকাশ কৰে যে থাৰ্ড এম্পেয়াৰ গ্ৰন্থখনে পাঠক সকলক অসমৰ শক্তি খণ্ডৰ এক ব্যাপক দৃষ্টিভংগী প্ৰদান কৰিব - ইয়াৰ ঐতিহাসিক বিৱৰ্তন, বৰ্তমানৰ সাফল্য, আৰু ভৱিষ্যতৰ ট্ৰেজেক্টৰী। তেওঁ আৰু কয় যে নতুনকৈ প্ৰৱৰ্তন কৰা আৰু সংশোধিত পাঁচটা নিয়ন্ত্ৰণ কাঠামোৱে বিদ্যুৎ গ্ৰাহক, উৎপাদক আৰু বিতৰক সকলৰ বাবে একেদৰেই অৰ্থপূৰ্ণ সুবিধা কঢ়িয়াই আনিব।

উল্লেখযোগ্য যে গ্ৰন্থখনত বহু মনোমোহা বিষয় সন্নিবিষ্ট কৰা হৈছে, ১৯২৩ চনত শ্বিলং বিদ্যুৎকৰণ, অবিভক্ত অসম আৰু সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতে বিদ্যুৎ সংযোগ হোৱা প্ৰথমখন চহৰ, তাৰ পিছত ১৯২৪ চনত যোৰহাটত বৈদ্যুতিক বাল্ব জ্বলোৱা, আৰু ১৯২৭ আৰু ১৯৩৩ চনত গুৱাহাটী আৰু তেজপুৰত বিদ্যুৎকৰণৰ কাম আৰম্ভ কৰা আদিকে ধৰি১৯৫৮ চনত অসম বিদ্য্ুত পৰিষদ স্থাপন হোৱা কিতাপখনত আলোকপাত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande