ৰঙিয়াত লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচনৰ শুভ উদ্বোধন
কামৰূপ, ০২ জুন (হি.স.)। ৰঙিয়াত আজি লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচনৰ শুভ উদ্বোধন ।নতুন যুগৰ আৰম্ভ ৰঙিয়া নগৰৰ এন টি ৰোডত এক নতুন ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভ উদ্বোধনৰ মাধ্যমে এখন উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচন ন
ৰঙিয়াত লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচনৰ শুভ উদ্বোধন


কামৰূপ, ০২ জুন (হি.স.)। ৰঙিয়াত আজি লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচনৰ শুভ উদ্বোধন ।নতুন যুগৰ আৰম্ভ ৰঙিয়া নগৰৰ এন টি ৰোডত এক নতুন ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভ উদ্বোধনৰ মাধ্যমে এখন উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচন নামৰ এই আধুনিক শ্বৰুমে ৰঙিয়াবাসীৰ বাবে উৎকৃষ্ট মানৰ ফাৰ্নিচাৰ আৰু ইনটেৰিয়ৰ ডিজাইনৰ এক নতুন দিগন্ত মুকলি কৰিছে । এই প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ।

এই শ্বৰুমৰ প্ৰতিষ্ঠাৰ পিছফালে আছে ৰঙিয়াৰ পাঁচজন উদ্যমী যুৱকৰ সপোন আৰু পৰিশ্ৰম ।তেওঁলোকৰ এই যৌথ প্ৰচেষ্টাৰ ফলত ৰঙিয়াবাসীৰ হাতৰ মুঠিত এতিয়া উপলব্ধ হ’ব অত্যাধুনিক ডিজাইনৰ ফাৰ্নিচাৰ, যিবোৰ উচ্চ গুণগত মানৰ লগতে ৰেহাই মূল্যত ক্ৰয় কৰিব পৰা যাব ।আধুনিকতা আৰু সৌন্দৰ্যৰ এক অনন্য সংমিশ্ৰণেৰে সজ্জিত এই শ্বৰুমে গ্ৰাহকৰ বাবে বিলাসী জীৱনশৈলীৰ অভিজ্ঞতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ । উদ্বোধনী অনুষ্ঠানত বিধায়ক ভবেশ কলিতাই এই প্ৰতিষ্ঠানৰ প্ৰশংসা কৰি কয় যে, এনে উদ্যোগে কেৱল স্থানীয় অৰ্থনীতিৰ উন্নতিৰ বাবেই নহয়, যুৱ সমাজৰ বাবে প্ৰেৰণাৰ উৎস হিচাপেও কাম কৰিব । তেওঁ আশা প্ৰকাশ কৰে যে লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচন ৰঙিয়াৰ ব্যৱসায়িক জগতত এক নতুন মাইলৰ খুঁটি হৈ উঠিব । ৰঙিয়াৰ এই নতুন ব্যৱসায়িক প্ৰতিষ্ঠানৰ যাত্ৰা আৰম্ভণিৰে পৰাই স্থানীয় ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিছে ।

আধুনিক ফাৰ্নিচাৰৰ বিস্তৃত সংগ্ৰহৰ লগতে গ্ৰাহকৰ সুবিধাৰ বাবে উৎকৃষ্ট সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে এই শ্বৰুমে ইতিমধ্যে ৰঙিয়াৰ বজাৰত এক বিশেষ স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে । গ্ৰাহকৰ বাবে মানসম্পন্ন সামগ্ৰীৰ লগতে সুলভ মূল্যৰ এই সংমিশ্ৰণে লাক্স লিভিংক সকলোৰে প্ৰিয় কৰি তুলিব বুলি আশা কৰা হৈছে । এই উদ্বোধনৰ জৰিয়তে ৰঙিয়াৰ ব্যৱসায়িক পৰিমণ্ডলত এক নতুন অধ্যায়ৰ সূচনা হৈছে ।লাক্স লিভিং ইনটেৰিয়ৰ এণ্ড কনষ্ট্ৰাকচনে কেৱল ব্যৱসায়ৰ এক সফল মডেল হৈ নাথাকি ৰঙিয়াৰ যুৱ প্ৰজন্মৰ উদ্যমী মনোভাৱৰো এক জ্বলন্ত উদাহৰণ হৈ ৰ’ব বুলি আশা কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande