নতুন দিল্লী, ০২ জুন (হি.স.)। ফ্ৰান্স ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে সোমবাৰে পেৰিছত টোটেল এনাৰ্জীৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পেট্ৰিক পৌয়ানেক সাক্ষাৎ কৰে। ইয়াৰ সময়ত পেট্ৰিক পৌয়ানে ভাৰতৰ বাবে কোম্পানীটোৰ বিনিয়োগ পৰিকল্পনা আৰু নবীকৰণযোগ্য শক্তি খণ্ডত গভীৰ সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে ভাৰত আৰু ওমানৰ মাজত প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ বাবে আলোচনা অগ্ৰগতি হৈছে। এই বিষয়ে কিছু ভাল খবৰ আহিব পাৰে ‘অতি সোনকালে’।
কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকীয়ে মুখ্য কাৰ্যবাহী বিষয়া পেট্ৰিক পৌয়ানেৰ সৈতে হোৱা বৈঠকত ভাৰতৰ বাবে কোম্পানীটোৰ বিনিয়োগ পৰিকল্পনা আৰু নবীকৰণযোগ্য শক্তি খণ্ডত গভীৰ সহযোগিতাৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। ৩ জুনত বিশ্ব বাণিজ্য সংস্থাৰ (ডব্লিউটিঅ') এখন মিনি মন্ত্ৰালয়ৰ বৈঠকতো অংশগ্ৰহণ কৰিব।ইয়াৰ পিছত গোৱালে সাংবাদিকৰ আগত কয় যে, “মই ভাবো যে অতি সোনকালে আপোনালোকে ওমান এফটিএ সম্পৰ্কে ভাল খবৰ শুনিবলৈ পাব।”
বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ফ্ৰান্সৰ নেতা আৰু ব্যৱসায়ীসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ ইয়াত আনুষ্ঠানিক ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকী। চলিত বৰ্ষৰ জানুৱাৰী মাহত গোৱালে মাস্কাট ভ্ৰমণৰ পিছত এই আলোচনাই বহু প্ৰয়োজনীয় জোৰ লাভ কৰিছিল। তেওঁ কয় যে উপসাগৰীয় সহযোগিতা পৰিষদৰ (জিচিচি) দেশসমূহৰ ভিতৰত ওমান ভাৰতৰ বাবে তৃতীয় বৃহত্তম ৰপ্তানি গন্তব্যস্থান। ইতিমধ্যে ভাৰতে জিচিচিৰ আন এখন সদস্য ইউএইৰ সৈতে একেধৰণৰ চুক্তি কৰিছে, যিখন ২০২২ চনৰ মে’ মাহত বলবৎ হৈছিল।আনুষ্ঠানিকভাৱে কম্প্ৰেহেন্সিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট (চিইপি) নামেৰে নামাকৰণ কৰা এই চুক্তিৰ আলোচনা ২০২৩ চনৰ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। বাজেটত ঘোষণা কৰা ৰাষ্ট্ৰীয় উৎপাদন অভিযান শীঘ্ৰে আৰম্ভ হ’ব পাৰে বুলি বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া