গুৱাহাটী, ১৮ জুন (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ লয়।
চিকিৎসালয়ত ভৰ্তি হোৱা বিজয়া চক্ৰৱৰ্তীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত হোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে। তেওঁ টুইট কৰি কয় যে বিজয়া চক্ৰৱৰ্তী সদায়ৰ দৰেই আত্মবিশ্বাসেৰে ভৰপূৰ আছিল আৰু কথা-বতৰাৰ সময়তো উৎসাহ দেখুৱাইছিল।
ড° শৰ্মাই জি এম চি এইচৰ চিকিৎসক আৰু চিকিৎসালয় প্ৰশাসনক নিৰ্দেশ দিয়ে যে চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি নহয় আৰু প্ৰয়োজনীয় প্ৰতিটো চিকিৎসা সুবিধা নিশ্চিত কৰিব লাগে যাতে বিজয়া চক্ৰৱৰ্তী সোনকালে সুস্থ হৈ ঘৰলৈ উভতি যাব পাৰে।
উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও শেহতীয়াকৈ জিএমচিএইচ লৈ গৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ লয়।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী