গুৱাহাটী, ১৮ জুন (হি.স.)। বৰচুক গেছ নিৰ্গমণৰ ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীলৈ এখন পত্ৰ লিখি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
মুখ্যমন্ত্রীয়ে মন্ত্রী পুৰীক অনুৰোধ জনাইছে যে অ’ এন জি চি লিমিটেডে মিছন মোডত কূপ নিয়ন্ত্রণৰ প্রচেষ্টা ক্ষিপ্ৰ কৰিবলৈ নির্দেশ দিব লাগে যাতে পৰিস্থিতি আৰু অধিক ভয়াৱহ নহয় ৷
ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সকাহ প্ৰদান কৰিছে, কিন্তু পৰিস্থিতি স্বাভাৱিক কৰি সংকট হ্ৰাস কৰাৰ বাবে অ’এনজিচিয়ে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে ।
উল্লেখযোগ্য যে শেহতীয়াকৈ বৰচুকত হোৱা গেছ বিস্ফোৰণৰ ফলত শ শ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ক্ষিপ্ৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। মঙলবাৰে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তাৎক্ষণিকভাৱে ২৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া