গুৱাহাটী, ১৮ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাণী লক্ষ্মীবাইৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, নাৰী শক্তিৰ অমৰ প্ৰতীক, সাহসৰ জীৱন্ত সংজ্ঞা ~ ঝান্সীৰ ৰাণী লক্ষ্মীবাইক তেওঁৰ বলিদান দিৱসত প্ৰণাম। তেওঁৰ তৰোৱালে ইতিহাস সৃষ্টি কৰা নাই, বৰঞ্চ আগন্তুক প্ৰজন্মৰ সাহসহে সৃষ্টি কৰিছে।
মুখ্যমন্ত্রীয়ে কয় যে ৰাণী লক্ষ্মীবাইয়ে এৰি থৈ যোৱা বীৰত্বৰ উত্তৰাধিকাৰ আজি প্ৰতিগৰাকী ভাৰতীয় মহিলাৰ আত্মবিশ্বাস আৰু আত্মসন্মানত জীয়াই আছে। তেওঁৰ ত্যাগ আৰু সাহসে দেশৰ কন্যাসকলক অনুপ্ৰাণিত কৰে।
উল্লেখযোগ্য যে ১৮৫৮ চনৰ ১৮ জুনত ঝান্সীৰ ৰাণী লক্ষ্মীবাইয়ে ব্ৰিটিছ সেনাৰ সৈতে সাহসেৰে যুঁজি নিজৰ প্ৰাণ আহুতি দিছিল। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তেওঁৰ অৱদান সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া