আজি সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত
দক্ষিণ শালমাৰা মানকাচৰ, ১৪ জুন (হি.স.)। আজি শনিবাৰে সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। আন জিলাৰ দৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক
আজি সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত


দক্ষিণ শালমাৰা মানকাচৰ, ১৪ জুন (হি.স.)। আজি শনিবাৰে সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। আন জিলাৰ দৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত আয়োজনৰ প্ৰস্তুতি শুকুৰবাৰে সম্পূৰ্ণ হয়।

তথ্য অনুসৰি জিলাখনৰ ফেকামাৰীস্থিত জিলা আৰু চীন আদালতৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া এই লোক আদালতত সকলো ধৰণৰ ক্ষুদ্ৰ অপৰাধমূলক গোচৰ, অন্যান্য দেৱানী বিবাদ, মটৰ গাড়ী আইন সম্পৰ্কীয় গোচৰ, পাৰিবাৰিক বিবাদ, ধাৰা ১২৫ চি আৰ পি চি আৰু ঘৰুৱা হিংসা (ডি ভি) গোচৰৰ লগতে এন আই আইনৰ সৈতে জড়িত গোচৰসমূহ পাৰস্পৰিক চুক্তিৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব।

এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক জয়ন্ত কুমাৰ শইকীয়াই এনে গোচৰৰ সৈতে জড়িত ব্যক্তিসকলক আজি অনুষ্ঠিত হ’বলগীয়া লোক আদালতৰ জৰিয়তে গোচৰৰ সমাধান কৰি সুবিধা লাভ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে পূৰ্বনিৰ্ধাৰিত তাৰিখ ১০ মে’ত সমগ্ৰ দেশতে বছৰৰ দ্বিতীয়টো লোক আদালতৰ আয়োজন হ’ব লাগিছিল যদিও অসমত পঞ্চায়ত নিৰ্বাচনৰ বাবে ইয়াৰ তাৰিখ ১৪ জুনলৈ সলনি কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande