ডিব্ৰুগড়, ১০জুন (হি.স.)। ডিব্ৰুগড়ত বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ দুটা চৰাই চিকাৰী। ডিব্ৰুগড়ত বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত বনবিভাগে গ্ৰেপ্তাৰ কৰে দুটা চৰাই চিকাৰীক। আজি ডিব্ৰুগড় বন সংমণ্ডল প্ৰাধিকৰণৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সকলো কথা অৱগত কৰে ডিএফঅ নন্ধা কুমাৰে।
উল্লেখযোগ্য যে যোৱা শনিবাৰে মহানগৰৰ উপকণ্ঠ মানকটাত বিজয় মাঝী আৰু ৰাজেশ কৰ্মকাৰ নামৰ দুটা চৰাই চিকাৰীয়ে বগলী নিধন কৰি থকাৰ ভিডিঅ ভাইৰেল হৈছিল সামাজিক মাধ্যমত। তাৰেই ভিত্তিত সোমবাৰে চৰাই চিকাৰী বিজয় মাঝী আৰু ৰাজেশ কৰ্মকাৰক বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত ডিব্ৰুগড়ৰ বনবিভাগে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধৃত চিকাৰী কেইটাই ডিব্ৰুগড়ৰ বিভিন্ন স্থানত পক্ষী নিধন কৰি অহাৰ কথা জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা