কোকৰাঝাৰ, ১০ জুন (হি.স.)। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশীৰ নামত চলা হাৰাশাস্তিৰ বিৰুদ্ধে কোকৰাঝাৰ জিলাৰ ছালাকাটি ঈদগাহ ময়দান প্ৰাংগনত এক প্ৰতিবাদী জনজাগৰণ সভা অনুষ্ঠিত হয়৷ মঙলবাৰে ৰূপায়ণ কৰা হয় উক্ত প্ৰতিবাদী জনজাগৰণ সভা৷
উত্তাল ছালাকাটি ঈদগাহ ময়দান৷ হিমন্ত বিশ্ব শৰ্মা গ’ বেক,প্ৰমোদ বড়ো গ’ বেক শ্লোগান ৷ চৰকাৰৰ বিৰুদ্বে তীব্ৰ ক্ষোভ এবিএমছুৰ৷ কেৱল ধৰ্মীয় সংখ্যালঘুক বেশ-ভূষা,ভাষাৰ বাবেই স্বদেশীক বাংলাদেশী বিদেশী সজোৱা কাণ্ডক গ্ৰহণ নকৰে ৷
বিজেপি -মিত্ৰজোঁট চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা ৷ আমাৰ বিপদৰ সময়ত এবাৰো খবৰ লবলৈ আহৰি নোপোৱা প্ৰমোদ বড়োক বিটিচিৰ নিৰ্বাচনৰ সময়ত সংখ্যালঘু ৰাইজৰ ওচৰলৈ ভোট বিচাৰি আহিলে যথোচিত প্ৰত্যুত্তৰ দিয়া হব বুলি হুংকাৰ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনৰ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা