বৰপেটাৰ বেকী নৈত সন্ধানহীন এজন
বৰপেটা, ১০জুন (হি.স.)। বৰপেটা ৰোডৰ বেকী নৈত অঘটন। শহুৰেকৰ ঘৰলৈ ঈদ খাবলৈ আহি বেকী নৈত সন্ধানহীন এজন লোক। সন্ধানহীন লোকজনক হাউলীৰ হেলনাৰ পাম গাঁৱৰ আলী হুছেইন বুলি চিনাক্ত কৰা হৈছে। সোমবাৰে পত্নীৰ সৈতে বৰপেটা ৰোডৰ শহুৰেকৰ ঘৰলৈ ঈদৰ নিমন্ত্রণ ৰক্ষা কৰিবল
বৰপেটাৰ বেকী নৈত সন্ধানহীন এজন


বৰপেটা, ১০জুন (হি.স.)। বৰপেটা ৰোডৰ বেকী নৈত অঘটন। শহুৰেকৰ ঘৰলৈ ঈদ খাবলৈ আহি বেকী নৈত সন্ধানহীন এজন লোক। সন্ধানহীন লোকজনক হাউলীৰ হেলনাৰ পাম গাঁৱৰ আলী হুছেইন বুলি চিনাক্ত কৰা হৈছে। সোমবাৰে পত্নীৰ সৈতে বৰপেটা ৰোডৰ শহুৰেকৰ ঘৰলৈ ঈদৰ নিমন্ত্রণ ৰক্ষা কৰিবলৈ আহিছিল লোকজন।

বিয়লি ৪ মান বজাত শহুৰৰ ঘৰলৈ অহাৰ পিচতে লোকজনে অত্যন্ত গৰমৰ বাবে ঘৰৰ কাষতে থকা বেকী নৈত গা ধুবলৈ যায় ।পিচে গা ধুবলৈ গৈ লোকজন বেকী নৈত উটি গৈ সন্ধানহীন হয়।

লগে লগে ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী আৰু এছডিআৰএফৰ জোৱান উপস্থিত হৈ লোকজনৰ সন্ধান চলায় যদিও এই পৰ্যন্ত লোকজনৰ কোনো সন্ধান ওলোৱা নাই । ইটানগৰত কৰ্মৰত লোকজনে পত্নীৰ সৈতে ঈদ খাবলৈ আহি এইদৰে সন্ধানহীন হোৱা কথাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande