দৰং, ১০ জুন (হি.স.)। ওৰাঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত আল্টা বাছৰ হেণ্ডিমেন গৰাকী। আল্টা বাছৰ দৌৰাত্ম্যৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। তীব্ৰবেগী আল্টা বাছৰ খুন্দাত নিহত হয় হেণ্ডিমেন গৰাকী। তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এএছ ০১ এমচি ২৪৮২ নম্বৰৰ আল্টা বাছ এখনে সংঘটিত কৰে দুৰ্ঘটনাটো।
দুৰ্ঘটনাত নিহত হেণ্ডিমেন গৰাকীৰ ঘৰ শোণিতপুৰৰ ঠেলামাৰাৰ দ গাঁৱৰ চেনীৰাম ভূঞাৰ পুত্ৰ দুলু ভূঞা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা