ধুবুৰী, জুন (হি.স.)। ধুবুৰী হনুমান মন্দিৰত নিষিদ্ধ মাংস পেলোৱাৰ অভিযোগত এজন গ্ৰেপ্তাৰ। ধুবুৰীত উতপ্ত পৰিস্থিতি চলি থকাৰ মাজতে আৰক্ষীৰ অভিযানত বালুৰচৰৰ পৰা ৰমজান আলীক গ্ৰেপ্তাৰ । ঘটনা সন্দৰ্ভত ২৯৮, ২৯৯, ৬১(২)(এ)বিএনএছ ১৩(১)পশুধনৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ ’ৰ জৰিয়তে ৰমজান আলীক গ্ৰেপ্তাৰ কৰা হৈছে ।
ইফালে ধুবুৰী জিলাত আজিও এক নিমাও মাও পৰিবেশ । কালিয়ে ধুবুৰী জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰি ধুবুৰী চহৰৰ দোকান পোহৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । ধুবুৰী চহৰৰ শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ধুবুৰী জিলা প্ৰশাসনে । বি এন এছৰ ১৬৩(১) ধাৰা জাৰি কৰি একেলগে পাচঁ জনকৈ অধিক লোক গোট খোৱাত বাধা আৰোপ কৰা হৈছে ।সমগ্ৰ চহৰ খনত আৰক্ষী প্ৰসাশনে চোকা দৃষ্টি ৰাখিছে । সমগ্ৰ ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ আৰু আৰক্ষী অধীক্ষক নবীন সিঙে ।
ধুবুৰী জিলা আয়ুক্ত ধুবুৰী চহৰৰ পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে যথেষ্ঠ পৰিমানে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে । তেওঁ কয় যে, প্ৰয়োজনত আৰু অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হব । জিলা আয়ুক্ত গৰাকীয়ে লগতে আবেগিক নহৈ সকলো পক্ষকে সংযত হ'বলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা