পৰৱৰ্তী ইৰাণ-আমেৰিকাৰ পাৰমাণৱিক আলোচনা দেওবাৰে মাস্কাতত নেতানিয়াহুৱে ট্ৰাম্পৰ সৈতে ৪০ মিনিটৰ বাবে ফোনযোগে কথা পাতিছিল
তেহৰাণ/টেল আভিভ/ৱাশ্বিংটন, ১০ জুন (হি.স.)। ইৰাণ আৰু আমেৰিকাৰ মাজত পৰৱৰ্তী পৰোক্ষ পাৰমাণৱিক আলোচনা অনুষ্ঠিত হ’ব ওমানৰ ৰাজধানী মাস্কাটত। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে শেহতীয়া আলোচনাৰ পিছত দেওবাৰে মাস্
प्रतीक स्वरूप दोनों देशों के राष्ट्रीय ध्वज ।


তেহৰাণ/টেল আভিভ/ৱাশ্বিংটন, ১০ জুন (হি.স.)। ইৰাণ আৰু আমেৰিকাৰ মাজত পৰৱৰ্তী পৰোক্ষ পাৰমাণৱিক আলোচনা অনুষ্ঠিত হ’ব ওমানৰ ৰাজধানী মাস্কাটত। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে শেহতীয়া আলোচনাৰ পিছত দেওবাৰে মাস্কাটত তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত পৰৱৰ্তী ৰাউণ্ডৰ পৰোক্ষ আলোচনাৰ দিন ধাৰ্য কৰা হৈছে। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছে।

ইৰাণৰ মেহৰ নিউজ এজেন্সীৰ প্ৰতিবেদন অনুসৰি সোমবাৰে বাঘাইয়ে এক প্ৰেছ ব্রিফিঙত কয় যে ইউৰেনিয়াম সমৃদ্ধি ইৰাণৰ পাৰমাণৱিক উদ্যোগৰ বাবে এক কৌশলগত প্রয়োজনীয়তা৷ এই থলুৱা প্ৰযুক্তি ইৰাণৰ বিজ্ঞানীসকলে দশক দশক ধৰি অবিৰত প্ৰচেষ্টাৰ জৰিয়তে বিকশিত কৰি আহিছে। আমেৰিকাৰ সৈতে হোৱা আলোচনা বা চুক্তিত এই বিষয়টো অন্তৰ্ভুক্ত কৰা নহ’ব।

তেওঁ জোৰ দি কয় যে ইৰাণৰ জাতীয় স্বাৰ্থৰ সুৰক্ষাত বাধাৰ সৃষ্টি কৰা যিকোনো প্ৰস্তাৱ গ্ৰহণযোগ্য নহ’ব। ইৰাণে শীঘ্ৰেই ওমানৰ জৰিয়তে নিজৰ প্ৰস্তাৱ আগবঢ়াব। বাঘাইয়ে কয় যে আমেৰিকান পক্ষই এই সুযোগ নষ্ট কৰিব নালাগে। এই সংলাপক গুৰুত্বসহকাৰে লওক। উল্লেখযোগ্য যে ১২ এপ্ৰিলৰ পৰা আমেৰিকা আৰু ইৰাণৰ মাজত পাঁচ ৰাউণ্ডৰ পাৰমাণৱিক আলোচনা অনুষ্ঠিত হৈছে।এতিয়ালৈকে দুয়োখন দেশৰ মাজত কোনো চুক্তিত উপনীত হ’ব পৰা নাই। ইউৰেনিয়াম সমৃদ্ধিৰ মাত্ৰাক লৈ দুয়োখন দেশৰ মতানৈক্য।

ইফালে ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই কয় যে উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে এক বিবৃতিত সকীয়াই দিছে যে যদি ইজৰাইল শাসনে ইছলামিক ৰিপাব্লিকৰ বিৰুদ্ধে কোনো আগ্ৰাসী ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ইৰাণে ইয়াৰ গোপন পাৰমাণৱিক সুবিধাসমূহ আক্ৰমণ কৰিব। কাউন্সিলে কয় যে এই ইজৰাইলী কেন্দ্ৰসমূহ তেওঁলোকৰ সশস্ত্ৰ বাহিনীৰ টেবুলত আছে। ইজৰাইলক প্রতিবিধ প্রতিক্রিয়া প্রদান কৰিবলৈ সাজু হৈছে ইৰাণৰ সেনাই৷ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এই সতৰ্কবাণীৰ পিছত কালি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিছিল।

দ্য টাইমছ অৱ ইজৰাইল কাকতৰ বাতৰি অনুসৰি নেতানিয়াহু আৰু ট্ৰাম্পে ৪০ মিনিট ধৰি ফোনত কথা পাতিছিল। এই কথা-বতৰাৰ চমু বিৱৰণ দি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে দুয়োগৰাকী নেতাই তেহৰাণৰ সৈতে ৱাশ্বিংটনৰ চলি থকা পাৰমাণৱিক আলোচনাৰ বিষয়ে আলোচনা কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰীক কয় যে আমেৰিকাই ইৰাণৰ প্ৰতি যুক্তিসংগত প্ৰস্তাৱ আগবঢ়াইছে আৰু অনাগত দিনত ইয়াৰ সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। আলোচনাৰ সময়ত নেতানিয়াহুৱে ট্ৰাম্পক কি কৈছিল সেই সন্দৰ্ভত বিবৃতিটোত কোনো সবিশেষ উল্লেখ কৰা হোৱা নাই। হোয়াইট হাউছত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে কথা-বতৰা অতি ভাল আছিল। আমি দুয়োজনে পাৰমাণৱিক আলোচনাকে ধৰি বহু বিষয়ত আলোচনা কৰিলোঁ। বৃহস্পতিবাৰে ইৰাণৰ সৈতে আমেৰিকাৰ বৈঠক।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande