নতুন দিল্লী, ১০ জুন (হি.স.)। ২০১৭ চনৰ ফ্ৰেন্স অ’পেনৰ ফাইনেলত টেনিছ কিংবদন্তি ৰাফেল নাডালে ব্যৱহাৰ কৰা বাব’লাট ৰেকেটখন অভিলেখ মূল্যত নিলাম কৰা হৈছে। এই ৰেকেটটো ‘প্ৰেষ্টিজ মেম’ৰেবিলিয়া’ নিলামত ১,৫৭,৩৩৩.২০ মাৰ্কিন ডলাৰ (প্ৰায় ৪৯.১২ লাখ টকা)ত বিক্ৰী হৈছিল। টেনিছ ৰেকেটৰ বাবে এইটোৱেই এতিয়ালৈকে দিয়া সৰ্বাধিক ধন।
ইয়াৰ পূৰ্বৰ অভিলেখ নাডালৰ আন এটা ৰেকেটৰ নামতো আছিল, যিটো তেওঁ ২০২২ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ সময়ত ব্যৱহাৰ কৰিছিল। সেই ঐতিহাসিক মেচখনত নাডালে পাঁচ ছেটৰ ফাইনেলত ডেনিল মেডভেডেভক পৰাস্ত কৰি শেষবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। সেই ৰেকেটটো ২০২৩ চনত ছ’থেবিৰ নিলামত ১,৩৯,৭০০ ডলাৰত বিক্ৰী হৈছিল।
২০১৭ চনত নাডালে ষ্টেন ৱাৱৰিংকাক ৬-২, ৬-৩, ৬-১ ব্যৱধানত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি দশমটো ফ্ৰেন্স অ’পেন খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাখনৰ সময়ছোৱাত তেওঁ এটাও ছেট হেৰুৱাবলগীয়া হোৱা নাছিল আৰু তাৰ পিছত ৰ’লেণ্ড গাৰ’ছত আৰু চাৰিটা খিতাপ জয় কৰি তেওঁৰ মুঠ খিতাপ ১৪ লৈ বৃদ্ধি পাইছিল। ফ্ৰেঞ্চ অ’পেনত আন কোনো পুৰুষ খেলুৱৈয়ে আঠবাৰতকৈ অধিক জয়ী হোৱা নাই।
এই ঐতিহাসিক ৰেকেটটোক ‘ৰিজ’লিউচন ফটোমেচিং’ৰ দ্বাৰা নাডালৰ ২০১৭ ছিজনৰ ২৪খন মেচত ফটোমেচ কৰা হৈছে, য’ত মাদ্ৰিদ অ’পেন আৰু মিয়ামি অ’পেনৰ ফাইনেল অন্তৰ্ভুক্ত কৰা হৈছে। সম্ভৱতঃ ২০১৭ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত ৰজাৰ ফেডাৰেৰৰ হাতত পৰাস্ত হোৱা ৰেকেটটোৱেই তেওঁ ব্যৱহাৰ কৰিছিল।
প্ৰেষ্টিজ মেম’ৰেবিলিয়াৰ মতে, গ্ৰেণ্ড শ্লেমৰ ফাইনেলত ব্যৱহাৰ কৰা ৰাফেল নাডালৰ ৰেকেট পোৱাটো অত্যন্ত বিৰল, কিন্তু যিটো ৰেকেট সমগ্ৰ মাটিৰ ছিজন আৰু তাৰ পিছৰ মেচত ব্যৱহাৰ কৰা হৈছিল, যিটো শেষত ফ্ৰেন্স অ’পেনৰ খিতাপত শিখৰত উপনীত হৈছিল, সেয়া ঐতিহাসিক। এই কাষ্টম মেড ৰেকেটত নাডালৰ ট্ৰেডমাৰ্ক ৰাফা ল'গ' আছে আৰু ইয়াৰ লগতে এটা ষ্ট্ৰিং ষ্টীকাৰ আছে য'ত লিখা আছে আৰ জি ২০১৭ নাডাল, ইয়াক ২০১৭ চনৰ ফ্ৰেন্স অ'পেনৰ সৈতে সংযোগ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া